লোকচানৰ অভিলেখ গঢ়িলে ধনকুবেৰ ইলন মাস্কে

এক অনাকাংক্ষিত অভিলেখৰ গৰাকী হ’ল ধনকুবেৰ ইলন মাস্ক। ব্যক্তিগত সম্পত্তি হেৰুৱাৰ ক্ষেত্ৰত অতীতৰ সকলো অভিলেখ ভংগ কৰি নতুন বিশ্ব অভিলেখ মাস্কৰ। গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই জনোৱা মতে ২০২২ বৰ্ষত ১৬৫ বিলিয়ন ডলাৰ হেৰুৱাইছে টেছলা, স্পেচএক্স তথা টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কে। ভাৰতীয় টকাৰ হিচাপত ২০২২ত ১৩ লাখ ৪৭ হাজাৰ ২৩৩ কোটি টকা লোকচানৰ সন্মুখীন হৈছে মাস্ক। ধনকুবেৰ ইলন মাস্ক এটা সময়ত ব্যৱসায়িক লাভৰ ক্ষেত্ৰত শীৰ্ষৰ ১০ৰ তালিকাত আছিল যদিও যোৱাটো বৰ্ষত এই অনাকাংক্ষিত অভিলেখৰ গৰাকী হ’ল মাস্ক। মাস্ক এই লোকচানৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ হৈছে ২০২২ বৰ্ষত টেছলাৰ অংশীদাৰিত্বৰ অস্বাভাৱিক পতন। ২০২২ত টেছলাৰ গাড়ীৰ বিক্ৰী সংখ্যা অস্বাভাৱিকভাৱে হ্ৰাস পায়। ২০২১ৰ নৱেম্বৰপৰ্যন্ত মাস্কৰ সম্পত্তিৰ পৰিমাণ আছিল ৩২০ বিলিয়ন ডলাৰ। এই পৰিমাণ ভাৰতীয় টকাৰ হিচাপত ২৬ লাখ ১২ হাজাৰ ৪০৯ কোটি টকা। কিন্তু টেছলাই সন্মুখীন হোৱা লোকচানৰ বাবে ২০২২ত মাস্কৰ সম্পত্তিৰ পৰিমাণ হয়গৈ ১৫৫ বিলিয়ন ডলাৰৰ। এই পৰিমাণ ভাৰতীয় টকাৰ হিচাপত ১২ লাখ ৬৫ হাজাৰ ৩২৩ কোটি টকা। অৱশ্যে এনে বিপৰ্যয়ৰ পিছতো নকৈ নিজৰ ব্যৱসায় টনকিয়াল কৰাৰ বাবে তৎপৰ হৈছে ইলন মাস্ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...