ভেলাঘৰত আশ্ৰয় এহাল কপৌৰ… গাঁওবাসীয়ে নজ্বলালে ভেলাঘৰ

পৰম্পৰা পৰিহাৰ কৰি প্ৰকৃতি প্ৰেমৰ এক অনন্য নিদৰ্শন। এহাল কপৌ চৰাইৰ বাবেই ভোগালী বিহুৰ পৰম্পৰা ভেলাঘৰ জ্বলোৱাৰ পৰা বিৰত থাকিল ছিপাঝাৰৰ ককাইতোলা বাসী। ভোগালী বিহুৰ ভোজ-ভাত খাবৰ বাবে এটা ভেলাঘৰ সাজিছিল গাঁওবাসীয়ে। পিছে উৰুকাৰ পূৰ্বেই ভেলাঘৰটোত বাহ সাজি কণী পাৰিলে এহাল কপৌয়ে। যাৰ বাবে কপৌহালৰ স্বাৰ্থতে ভেলাঘৰটো জ্বলাই নিদি সংৰক্ষণ কৰিলে গাঁওখনৰ ৰাইজে। চৰাই হালে নিৰাপদে পোৱালী নজগোৱা পৰ্যন্ত ভেলাঘৰটো প্ৰজ্বলন নকৰাৰ সিদ্ধান্ত ককাইতোলাবাসীৰ। প্ৰকৃতি প্ৰেমৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে ছিপাঝাৰৰ ককাইতোলাবাসীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...