লোকচানৰ অভিলেখ গঢ়িলে ধনকুবেৰ ইলন মাস্কে

এক অনাকাংক্ষিত অভিলেখৰ গৰাকী হ’ল ধনকুবেৰ ইলন মাস্ক। ব্যক্তিগত সম্পত্তি হেৰুৱাৰ ক্ষেত্ৰত অতীতৰ সকলো অভিলেখ ভংগ কৰি নতুন বিশ্ব অভিলেখ মাস্কৰ। গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই জনোৱা মতে ২০২২ বৰ্ষত ১৬৫ বিলিয়ন ডলাৰ হেৰুৱাইছে টেছলা, স্পেচএক্স তথা টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কে। ভাৰতীয় টকাৰ হিচাপত ২০২২ত ১৩ লাখ ৪৭ হাজাৰ ২৩৩ কোটি টকা লোকচানৰ সন্মুখীন হৈছে মাস্ক। ধনকুবেৰ ইলন মাস্ক এটা সময়ত ব্যৱসায়িক লাভৰ ক্ষেত্ৰত শীৰ্ষৰ ১০ৰ তালিকাত আছিল যদিও যোৱাটো বৰ্ষত এই অনাকাংক্ষিত অভিলেখৰ গৰাকী হ’ল মাস্ক। মাস্ক এই লোকচানৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ হৈছে ২০২২ বৰ্ষত টেছলাৰ অংশীদাৰিত্বৰ অস্বাভাৱিক পতন। ২০২২ত টেছলাৰ গাড়ীৰ বিক্ৰী সংখ্যা অস্বাভাৱিকভাৱে হ্ৰাস পায়। ২০২১ৰ নৱেম্বৰপৰ্যন্ত মাস্কৰ সম্পত্তিৰ পৰিমাণ আছিল ৩২০ বিলিয়ন ডলাৰ। এই পৰিমাণ ভাৰতীয় টকাৰ হিচাপত ২৬ লাখ ১২ হাজাৰ ৪০৯ কোটি টকা। কিন্তু টেছলাই সন্মুখীন হোৱা লোকচানৰ বাবে ২০২২ত মাস্কৰ সম্পত্তিৰ পৰিমাণ হয়গৈ ১৫৫ বিলিয়ন ডলাৰৰ। এই পৰিমাণ ভাৰতীয় টকাৰ হিচাপত ১২ লাখ ৬৫ হাজাৰ ৩২৩ কোটি টকা। অৱশ্যে এনে বিপৰ্যয়ৰ পিছতো নকৈ নিজৰ ব্যৱসায় টনকিয়াল কৰাৰ বাবে তৎপৰ হৈছে ইলন মাস্ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...