লংকাৰ কাকীত ক্ষোভিত ৰাইজে নগাঁওৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক দিলে গ’ বেক’ ধ্বনি

গুৱাহাটী, ১০ জুন, NKTV:লংকাৰ কাকীত তিনি হাজাৰ বিঘাৰ ৰবৰ বাগানৰ উচ্ছেদিত পৰিয়ালৰ খবৰ ল’বলৈ গৈ উচ্ছেদিতৰ ক্ষোভৰ সন্মুখীন হ’ল সাংসদ প্ৰদ্যুৎ বৰদলৈ। যোৱা ৬ জুনত হোজাই জিলা প্ৰশাসনে লংকাৰ কাকীত তিনি হাজাৰ বিঘাৰ ৰবৰ বাগানত উচ্ছেদ অভিযান চলায়। ইয়াৰ পাছত আজি উচ্ছেদিত লোকসকলৰ অৱস্থাৰ বুজ লবলৈ লংকাত উপস্থিত হয় নগাঁওৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। কিন্ত অঞ্চলটোত উপস্থিত হোৱাৰ পাছতে একাংশ লোকৰ ৰোষৰ সন্মুখীন হয় সাংসদ প্ৰদ্যুৎ বৰদলৈ। জানিব পৰা মতে, সাংসদগৰাকীয়ে উপস্থিত হৈ লোকসকলৰ অৱস্থাৰ বুজ লয় যদিও একাংশ উচ্ছেদিত লোকে সাংসদজনক ৰবৰ বাগানখন পৰিদৰ্শনৰ অনুৰোধ জনাইছিল। কিন্তু সাংসদগৰাকীয়ে “সময় নাই” বুলি মন্তব্য কৰাত ক্ষুণ্ণ হৈ পৰে লোকসকল। লোকসকলে সাংসদগৰাকীৰ এনে আচৰণত ক্ষোভিত হৈ প্ৰদ্যুৎ বৰদলৈ গ’ বেক’ ধ্বনি দিয়ে। এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগে-লগেই সাংসদজনে সেই স্থান ত্যাগ কৰে। আনহাতে নগাঁও সমষ্টিৰ সাংসদজনে একাংশ উচ্ছেদিত লোকৰ ক্ষোভৰ বলি হ’ব লগা হোৱা ঘটনাটোক কেন্দ্ৰ কৰি স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...