লংকাৰ কাকীত ক্ষোভিত ৰাইজে নগাঁওৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক দিলে গ’ বেক’ ধ্বনি

গুৱাহাটী, ১০ জুন, NKTV:লংকাৰ কাকীত তিনি হাজাৰ বিঘাৰ ৰবৰ বাগানৰ উচ্ছেদিত পৰিয়ালৰ খবৰ ল’বলৈ গৈ উচ্ছেদিতৰ ক্ষোভৰ সন্মুখীন হ’ল সাংসদ প্ৰদ্যুৎ বৰদলৈ। যোৱা ৬ জুনত হোজাই জিলা প্ৰশাসনে লংকাৰ কাকীত তিনি হাজাৰ বিঘাৰ ৰবৰ বাগানত উচ্ছেদ অভিযান চলায়। ইয়াৰ পাছত আজি উচ্ছেদিত লোকসকলৰ অৱস্থাৰ বুজ লবলৈ লংকাত উপস্থিত হয় নগাঁওৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। কিন্ত অঞ্চলটোত উপস্থিত হোৱাৰ পাছতে একাংশ লোকৰ ৰোষৰ সন্মুখীন হয় সাংসদ প্ৰদ্যুৎ বৰদলৈ। জানিব পৰা মতে, সাংসদগৰাকীয়ে উপস্থিত হৈ লোকসকলৰ অৱস্থাৰ বুজ লয় যদিও একাংশ উচ্ছেদিত লোকে সাংসদজনক ৰবৰ বাগানখন পৰিদৰ্শনৰ অনুৰোধ জনাইছিল। কিন্তু সাংসদগৰাকীয়ে “সময় নাই” বুলি মন্তব্য কৰাত ক্ষুণ্ণ হৈ পৰে লোকসকল। লোকসকলে সাংসদগৰাকীৰ এনে আচৰণত ক্ষোভিত হৈ প্ৰদ্যুৎ বৰদলৈ গ’ বেক’ ধ্বনি দিয়ে। এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগে-লগেই সাংসদজনে সেই স্থান ত্যাগ কৰে। আনহাতে নগাঁও সমষ্টিৰ সাংসদজনে একাংশ উচ্ছেদিত লোকৰ ক্ষোভৰ বলি হ’ব লগা হোৱা ঘটনাটোক কেন্দ্ৰ কৰি স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...