গল্পকাৰ বিপাশা বৰাৰ প্ৰথমখন উপন্যাস “জাকাৰান্দা” উন্মোচন

শ্বিলঙৰ পুৰণি আৰু সমকালীন অসমীয়া সমাজখনৰ কাহিনীগুচ্ছৰ আধাৰত ২০১৮ চনৰ সাহিত্য অকাদেমী যুৱ পুৰস্কাৰ বটাঁ বিজয়ী গল্পকাৰ-লেখিকা বিপাশা বৰাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস “জাকাৰান্দা”আজি গুৱাহাটী আৰ্টিষ্ট গীল্ডত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত উন্মোচন কৰা হয় । গুৱাহাটীৰ বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা উপন্যাসখন প্ৰসিদ্ধ ঔপন্যাসিক-সমালোচক-শিক্ষাবিদ প্ৰফেচৰ তিলোত্তমা মিশ্ৰ, গল্পকাৰ আৰু ঔপন্যাসিক বন্তি শেনচোৱা আৰু কবি-গল্পকাৰ আৰু “সাতসৰী” আলোচনীৰ সম্পাদক অতনু ভট্টাচাৰ্যদেৱে উন্মোচন কৰে । অনুষ্ঠানত “জাকাৰান্দা”ৰ তেনেই সৰু অংশ এটা পাঠ কৰি শুনায় আগান আৰু আৱৰিয়ে ।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি “শ্বিলঙৰ পুৰণি আৰু সমকালীন অসমীয়া সমাজ” শীৰ্ষক এটি আন্তৰিক কথোপকথনৰো আয়োজন কৰা হয় । ঐতিহ্য-সংৰক্ষক অভিনিৱেশ শৰ্মাই আঁত ধৰা এই আকৰ্ষণীয় অনুষ্ঠানটোত তিনিওগৰাকী সাহিত্যিকৰ সৈতে বিপাশা বৰায়ো ভাগ লয় । অনুষ্ঠানটোত কেইবাজনো বিশিষ্ট সাহিত্যিকৰ লগতে বহুকেইজন নতুন প্ৰজন্মৰ লেখক-লেখিকা আৰু আন আন গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...