বলীউডৰ চুপাৰষ্টাৰ দাবাং খানৰ নিৰাপত্তাকলৈ কঠোৰ কিয় মুম্বাই আৰক্ষী?

বলীউডৰ চুপাৰষ্টাৰ দাবাং খানৰ নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে মুম্বাই আৰক্ষী। লৰেন্স বিষ্ণোই দলৰ পৰা ছলমান খানৰ প্ৰতি ভাবুকি অহাৰ পাছত নিৰাপত্তা প্ৰদান কৰে মুম্বাই আৰক্ষীয়ে। ইয়াৰ পূৰ্বেও মৃত্যুৰ ভাবুকিৰ সন্মুখিন হৈছিল অভিনেতাজন। যাৰ বাবে X-শ্ৰেণীৰ নিৰাপত্তা দিয়াৰ লৈছিল মুম্বাই আৰক্ষীয়ে। আকৌ লৰেন্স বিষ্ণোই দলৰ পৰা ভাবুকি অহাৰ পছত,ভাইজানৰ সুৰক্ষাকলৈ চিন্তিত হৈ পৰে মুম্বাই আৰক্ষী। ANIৰ তথ্য় মতে, ভাইজানৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি Y+ শ্ৰেণীৰ নিৰাপত্তালৈ বৃদ্ধি কৰিছে মুম্বাই আৰক্ষীয়ে। কিছুদিন পূৰ্বে অভিনেতাগৰাকীয়ে গেংষ্টাৰ লৰেন্স বিষ্ণোই দলৰ পৰা মৃত্যুৰ ভাবুকি পাইছিল। লৰেন্স বিষ্ণোই সিদ্ধু মুছেৱালাৰ হত্যাৰ লগতো জড়িত থকাৰ কথা পোহৰলৈ আহিছিল।

চলিত বৰ্ষৰ ২৯ মে’ত পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাক হত্যা কৰা হয়। মুছেৱালাক হত্যাৰ পাছতে ছলমান খান আৰু তেওঁৰ পিতৃ ছেলিম খানে এখন ভাবুকিপূৰ্ণ পত্ৰ পাইছিল। য’ত লিখা আছিল যে সিদ্ধু মুছেৱালাৰ দৰে একে দশা হ’ব ছলমান খানৰো। আনহাতে আৰক্ষীয়ে গেংষ্টাৰ বিষ্ণোই দলৰ কেইবাজনো সদস্যক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, যিয়ে ছলমানক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ কথা স্বীকাৰ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...