কেৱল চেণ্ডউইচ! ছিডনীত প্ৰদান কৰা খাদ্যক লৈ সন্তুষ্ট নহয় টীম ইণ্ডিয়া

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত প্ৰদান কৰা খাদ্যক লৈ সন্তুষ্ট নহয় টীম ইণ্ডিয়া। পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ পিছত নেডাৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া মেচৰ বাবে ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুশীলন চলাই আছে ভাৰতীয় দলে।

কিন্তু খবৰ অনুসৰি ভাৰতীয় খেলুৱৈসকলে অভিযোগ কৰিছে যে অনুশীলনৰ পিছত তেওঁলোকক গৰম খাদ্য প্ৰদান কৰা হোৱা নাই। অনুশীলনৰ পিছৰ খাদ্য হিচাপে তেওঁলোকক কেৱল চেণ্ডউইচ প্ৰদান কৰা হৈছিল। আৰু খেলুৱৈ সকলৰ মতে ঠাণ্ডা চেণ্ডউইচহে খাব দিছিল।

ANIক BCCIৰ সূত্ৰই জনোৱা মতে ‘টীম ইণ্ডিয়াক আগবঢ়োৱা খাদ্য ভাল নাছিল। তেওঁলোকক মাত্ৰ চেণ্ডউইচ দিয়া হৈছিল আৰু সেই চেণ্ডউইচ ঠাণ্ডা আছিল। ‘উল্লেখ্য যে, T20 বিশ্বকাপত ICCয়ে অংশগ্রহণকাৰী টীম সমূহক খাদ্যৰ যোগান ধৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...