বৃন্দাৱনী বস্ত্ৰ অসমলৈ কেতিয়া আনিব বিজেপিয়ে? প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ

0 71

প্ৰদৰ্শনৰ বাবে বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ বিজেপি চৰকাৰৰ ঘোষণাৰ কি হ’ল? বৃন্দাৱনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে বাজেটত নিৰ্ধাৰিত ২ কোটি টকাৰ কি হ’ল? বৃন্দাৱনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা প্ৰক্ৰিয়াৰ শেহতীয়া স্থিতি সন্দৰ্ভত অসম চৰকাৰক শ্বেতপত্ৰ প্ৰকাশৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ।

বিখ্যাত বৃন্দাৱনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে অনাৰ ক্ষেত্ৰত অসমৰ বিজেপি চৰকাৰৰ ব্যৰ্থতাক লৈ সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয় – কেৱল সাময়িক চমকৰ ৰাজনীতিত সিদ্ধহস্ত বিজেপিয়ে আজিৰ পৰা কিছু বছৰ পূৰ্বে বৃন্দাৱনী বস্ত্ৰ শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদৰ্শনৰ বাবে ব্যৱস্থা লোৱাৰ তৎপৰতা দেখুৱাইছিল। অসমবাসীয়ে কথাটো মনে প্ৰাণে ভালো পাইছিল। কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটাৰ তাঁতীকুছিৰ তাঁতীসকলৰ হতুৱাই হতুৱাই প্ৰস্তুত কৰা এই বস্ত্ৰবিধৰ প্ৰতি অসমবাসীৰ এক বিশেষ আবেগ জড়িত হৈ আছে।২০১৬ চনৰ ডিচেম্বৰত ব্ৰিটিছ মিউজিয়ামৰ এছিয়া বিভাগৰ দক্ষিণ এছিয়া শাখাৰ মুৰব্বী থমাছ ৰিচাৰ্ড ব্লাৰ্টনৰ সৈতে বৈঠকত মিলিত হৈছিল বিজেপিৰ বিধায়ক ৰঞ্জিত দাস। সেই সময়ৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা বৰ্তমানৰ অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৰঞ্জিত দাসে ফ্ৰান্সৰ গুইমেট মিউজিয়াম ভ্ৰমণো কৰিছিল। সেই সময়তে ‘Indira Gandhi National Centre For Arts’-ৰ তৰফৰ পৰা ফ্ৰান্স চৰকাৰৰ সৈতে এই বিষয়ে আলোচনা কৰি থকা বুলি মন্তব্য কৰিছিল ৰঞ্জিত দাসে।

আনহাতে ২০১৬ চনৰ অসম চৰকাৰৰ বাজেটত বৃন্দাৱনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ ব্যৱস্থাৰ বাবে ২ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল। বাজেট ভাষণত সেই সময়ৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৈছিল ”বৃন্দাৱনী বস্ত্ৰৰ গৌৰৱ ঘূৰাই অনাৰ স্বাৰ্থত ব্ৰিটিছ মিউজিয়াম আৰু ফ্ৰান্সৰ গুইমেট মিউজিয়ামৰ পৰা বৃন্দাৱনী বস্ত্ৰ আনি অসমৰ ৰাইজৰ সন্মুখত প্ৰদৰ্শনৰ বাবে আমি আগ্ৰহী।”আনহাতে ফ্ৰান্স চৰকাৰৰ সৈতে আলোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে IGNCA-ক (Indira Gandhi National Centre for Arts) দায়িত্ব দিয়া বুলিও বিজেপিৰ সেই সময়ৰ বিধায়ক ৰঞ্জিত দাসে মন্তব্য কৰিছিল।

আনহাতে ব্ৰিটিছ মিউজিয়ামৰ এছিয়া বিভাগৰ দক্ষিণ এছিয়া শাখাৰ মুৰব্বী থমাছ ৰিচাৰ্ড ব্লাৰ্টনে ২০১৬ চনৰ জুনত অসমৰ তেজপুৰলৈ অহাৰ সময়ত কৈছিল যে অসম চৰকাৰে বস্ত্ৰবিধৰ সুৰক্ষা আৰু বীমাৰ যদি দায়িত্ব লয়, তেন্তে অসমত প্ৰদৰ্শনৰ বাবে অনাৰ ক্ষেত্ৰত ব্ৰিটিছ মিউজিয়ামে অনুমতি দিব।

বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনা সন্দৰ্ভত প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ

প্ৰশ্ন ১) বিজেপি চৰকাৰে বাজেটত ২ কোটি টকা নিৰ্ধাৰণ ঠিকেই কৰিলে বা ২০১৬ চনৰ বাজেট ভাষণত সেই সময়ৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃন্দাৱনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে আনিবলৈ আগ্ৰহী বুলি বিধানসভাত ঠিকেই ক’লে কিন্তু পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত একো পদক্ষেপ লোৱা দেখা নগ’ল কিয়?

প্ৰশ্ন ২) যিহেতু ব্ৰিটিছ মিউজিয়াৰ উচ্চপদস্থ বিষয়ববীয়াই বৃন্দাৱনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে অসমলৈ অনাৰ অনুমতি দিবলৈ ব্ৰিটিছ মিউজিয়াম আগ্ৰহী বুলি সদৰি কৰিছিল, তেন্তে অসম চৰকাৰৰ সেই তথাকথিত কুছকাৱাজৰ ছয় বছৰ উকলি যোৱাৰ পাছতো একো এটা কাৰ্যকৰী নোহোৱাটোৱে মুখত ৰাইজে দেখাকৈ আগ্ৰহৰ কথা কৈ বা: বা: ল’লেও বাস্তৱত বিজেপি চৰকাৰৰ আগ্ৰহহীনতাকে উদঙাই দিয়া নাইনে?

প্ৰশ্ন ৩) যিহেতু কেন্দ্ৰই IGNCA ক বিষয়টোৰ আলোচনাৰ দায়িত্ব দিয়া বুলি বিজেপি নেতা ৰঞ্জিত দাসে মন্তব্য দিছিল, IGNCA-ই সেই কাম পৰৱৰ্তী সময়ত আগবঢ়াই নিনিলে নেকি?

বা IGNCA-ই ফ্ৰান্স চৰকাৰৰ সৈতে আলোচনা কি পৰ্যায়লৈকে লৈ গৈছিল?

প্ৰশ্ন ৪) যিহেতু বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ ক্ষেত্ৰত জলবায়ুৰ আৰ্দ্ৰতা, তাপমাত্ৰা নিয়ন্ত্ৰণকে ধৰি কেতবোৰ বিজ্ঞানসন্মত বিষয় জড়িত আছে, তেনে ক্ষেত্ৰত বিধানসভাত ৰাইজক দেখাকৈ ‘আগ্ৰহ’ৰ ভাষণ দিয়াৰ পৰৱৰ্তী সময়ত নামত থকা চৰকাৰ বিজ্ঞান সম্পৰ্কীয় বিভাগৰ সৈতে বা বিজ্ঞানী তথা বিশেষজ্ঞৰ সৈতে বিষয়টো আলোচনা হৈছিলনে নাই?

প্ৰশ্ন ৫) বৰ্তমান বিষয়টো কেৱল নিৰ্বাচনৰ সময়ত বিজেপিৰ ভোট লাভৰ আশাৰে প্ৰতিশ্ৰুতি দিয়াৰ পৰ্যায়তে আছে নে সঁচাকৈ প্ৰদৰ্শনৰ বাবে অনাৰ প্ৰক্ৰিয়াটো চলি আছে? নে কথাবোৰ পাহৰণিৰ গৰ্ভত?

প্ৰশ্ন ৬) ২০১৬ চনত অসম চৰকাৰৰ বাজেটত বৃন্দাৱনী বস্ত্ৰ প্ৰদৰ্শন সম্পৰ্কীয় খৰচ হিচাপে নিৰ্ধাৰণ কৰা ২ কোটি টকাৰ কি হ’ল?

প্ৰশ্ন ৭) অসমত বিজেপি চৰকাৰ অহাৰ পূৰ্বৰে পৰা বৃন্দাৱনী বস্ত্ৰ সম্পৰ্কত সৰৱ হৈ অহা ৰঞ্জিত দাস ডাঙৰীয়া বিগত বছৰসমূহত এই ক্ষেত্ৰত ৰহস্যজনকভাৱে নীৰৱ কিয়?

Leave A Reply

Your email address will not be published.