ৰয়েল আহোম ছ’চাইটিৰ মুখ্য সাংগঠনিক সম্পাদক তনু ধাদুমীয়াক বহিস্কাৰ

গোৱালপাৰা জিলাৰ লক্ষীপুৰত মিঞা মিউজিয়াম উন্মোচন কৰাৰ কাৰ্যসূচী ৰয়েল আহোম ছ’চাইটিৰ মুখ্য সাংগঠনিক সম্পাদক তনু ধাদুমীয়াই অংশ গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰয়েল আহোম ছ’চাইটিৰ কেন্দ্ৰীয় সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এই কাৰ্যৰ সম্পৰ্কত ছ’চাইটিৰ কেন্দ্ৰীয় সমিতিয়ে কোনোধৰণৰ আলোচনাও কৰা নাই আৰু কোনোধৰণৰ আনুষ্ঠানিক অনুমতিও নাই। ততস্বত্বেও সংগঠনটিৰ মুখ্য সাংগঠনিক সম্পাদক তনু ধাদুমীয়াই উক্ত মিঞা মিউজিয়াম মুকলি কৰাৰ সন্দৰ্ভত ৰয়েল আহোম ছ’চাইটিয়ে গভীৰ আপত্তি প্রকাশ কৰি তাৎক্ষণিক ভাৱে মঙলবাৰে লাকুৱাস্থিত মুখ্য কাৰ্যালয়ত ছ’চাইটিৰ কৰ্ণধাৰ সমিতিৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত গ্ৰহণ কৰাৰ এক প্ৰস্তাৱৰ সিদ্ধান্ত মর্মে মুখ্য সাংগঠনিক সম্পাদকজনে সংগঠনৰ নীতি-নিয়ম-শৃঙ্খলা উলংঘা কৰাৰ বাবে তৎকালীন ভাৱে তেখেতক সংগঠনটিৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি ৰয়েল আহোম ছ’চাইটিৰ সভাপতি চাওচাই কমলা ৰাজকোঁৱৰে এক বিবৃতিৰ যোগে জানিবলৈ দিয়ে। লগতে সভাপতিজনে এই কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা অসন্তোষ পৰিস্থিতিৰ বাবে দুখ প্ৰকাশ কৰি ভৱিষ্যতে এনে অবাঞ্ছিত কাৰ্যৰ পৰা সংগঠনটিক সুৰক্ষিত কৰি ৰখাৰ প্ৰতি দায়বদ্ধ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিবৃতিটোৰ যোগেদি জাতীয় দল, সংগঠন তথা ৰাইজলৈ মাৰ্জনাৰে গোহাৰি জ্ঞাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...