গুৱাহাটীৰ পিয়ানো কিডছৰ অন্তৰংগ মঞ্চ উদ্বোধন

অসমৰ প্ৰখ্যাত পিয়ানো বাদক কুশল কৃষ্ণ দেৱ গোস্বামীৰ দীৰ্ঘদিনীয়া সপোন অৱশেষত বাস্তবায়ীত হয় তেওঁৰ অন্তৰংগ মঞ্চ ‘জীৱকৃষ্ণ’ৰ উদ্বোধনৰ লগতে ‘স্কেল ষ্টাডি’ নামৰ পশ্চিমীয়া সংগীতৰ ওপৰত প্রণিত এখন কিতাপ আগশাৰীৰ সংগীত প্রতিষ্ঠান পিয়ানো কিডছৰ মঞ্চত মুকলি কৰাৰ লগে লগেই। অনুষ্ঠানটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ভক্তিমূলক সুৰ ‘মুক্তিতো নিস্প্ৰীহ যিটো’ৰ দ্বাৰা আৰম্ভ হৈছিল, যাক কুশল কৃষ্ণ দেৱ গোস্বামীয়ে স্বৰলিপিলৈ ৰূপান্তৰ কৰিছিল আৰু প্ৰতিষ্ঠানটোৰ শিক্ষার্থীসকলে বাদ্যসংগত কৰিছিল। ইয়াৰ পিছতে অসমৰ বিশিষ্ট সংগীতজ্ঞ সূর্য গোস্বামীয়ে পৰম্পৰাগতভাৱে বন্তি প্রজ্বলন কৰিছিল।

কুশল কৃষ্ণ দেৱ গোস্বামীৰ স্বৰ্গীয় পিতৃৰ স্মৃতিত স্থাপিত অন্তৰংগ মঞ্চ উদ্বোধন কৰাৰ পিছত গোস্বামীয়ে কয়, “এই সংহত মঞ্চই ৰাজ্যখনত বহুতো প্রতিভা বিকাশ ঘটোৱাত যথেষ্ট সহায় কৰিব।” এই স্বকীয় আৰু আকৰ্ষণীয় মঞ্চখন পিয়ানো কিডছৰ সকলো শিক্ষার্থীৰ বাবে প্রতিভা বিকাশৰ মঞ্চ হ’ব বুলিও তেওঁ মন্তব্য কৰে। জীৱকৃষ্ণত অংশগ্ৰহণকাৰীসকলৰ সৃজনশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিভিন্ন কার্যকলাপ অন্তৰ্ভুক্ত কৰা হ’ব। ‘জীৱকৃষ্ণ’ মঞ্চখন সকলোৰে বাবে প্ৰকৃতাৰ্থত এক অসামান্য আৰু অতুলনীয় অভিজ্ঞতা হ’ব বুলি আশা কৰা হৈছে। এখন আদর্শ মঞ্চ প্রস্তুত কৰাটো গোস্বামীৰ এটি দীৰ্ঘদিনীয়া সপোন য’ত শিক্ষার্থীসকলে নিজকে সম্পূর্ণভাৱে নিমজ্জিত কৰিব পাৰে আৰু বন্ধুত্বপূৰ্ণ শিক্ষণ পৰিৱেশত স্ব-প্রতিভাৰে জিলিকিব পাৰে।

পশ্চিমীয়া সংগীতৰ ওপৰত স্বৰলিপিৰ ‘স্কেল ষ্টাডি’ কিতাপখন ড° ৰিপু কুমাৰ গগৈ আৰু ড° দেৱব্ৰত খনিকৰে মুকলি কৰিছিল। দুয়োগৰাকী উন্মোচকে দেৱ গোস্বামীক পিয়ানো সংগীতৰ ক্ষেত্ৰখনত তেওঁৰ অপৰিসীম অৱদানৰ বাবে প্ৰশংসা কৰিছিল। কুশল কৃষ্ণ দেৱ গোস্বামীয়ে যথেষ্ট শ্ৰম আৰু নিষ্ঠাৰে এখন কিতাপ প্ৰস্তুত কৰিছে আৰু কিতাপখন গুৰুত্বপূৰ্ণ সংগ্ৰহেৰে পৰিপূৰ্ণ। দেৱ গোস্বামীৰ স্কেল ষ্টাডিয়ে ভৱিষ্যতে শিক্ষার্থী, সংগীতজ্ঞ আৰু পিয়ানো উৎসাহীসকলৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব। অনুষ্ঠানটোত ৰিতুৰাজ মহন্তৰ দ্বাৰা নিৰ্মাণৰত পিয়ানো কিডছৰ বহু প্রত্যাশিত ৱেবছাইটোও কুশল কৃষ্ণ দেৱ গোস্বামীয়ে মুকলি কৰিছিল।

সন্ধিয়াটো পিয়ানো কিডছ প্ৰতিষ্ঠানৰ শিক্ষার্থীয়ে জুবিন গাৰ্গৰ জনপ্রিয় ‘মায়াবিনী’, ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘হে দোলা হে দোলা’ আৰু জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ৰে জীপাল কৰি তোলে। অনুষ্ঠানটোত অষ্টম বার্ষিক দিৱস উদ্‌যাপন সমিতিৰ প্ৰাক্তন বিষয়ববীয়াসকলকো সম্বর্ধনা জনোৱা হয়। যাৰ ভিতৰত আছে ড° ৰিপু কুমাৰ গগৈ, ড° দেৱব্ৰত খনিকৰ, প্ৰজ্ঞান দুৱৰা, ৰূপৰেখা দত্ত, পৰাগ কুমাৰ গোহাঁই, কাজল গোস্বামী, ৰূপাংকৰ বৰুৱা আৰু ৰিতুৰাজ মহন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰেংকিঙৰ জোৰত এছিয়ান গেমছৰ ছেমিফাইনেলত ভাৰত

এটা বলো নোহোৱাকৈয়ে এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ...

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...