জীৱনৰ বাবে পলায়ন : ৰুছিয়াৰ শেহতীয়া বাস্তৱ

✒️ অচিন্ত্য শৰ্মা

ৰুছিয়াৰ পৰা মানুহ পলাইছে
মূলত : পলাইছে পুৰুষ
পলাইছে নবীন-প্ৰবীণ সকলো

কাৰণ পলায়ন অবিহনে যিকোনো মূহূৰ্ততে যাব লগা হব পাৰে ৰণক্ষেত্ৰলৈ। কাৰ্যত : এয়া ইউক্ৰেইণ যুদ্ধৰেই অভিশাপ। পৰিকল্পনাবিহীন দীঘলীয়া যুদ্ধখনত অভাৱনীয়ভাবে ক্ষয় হৈছে ৰুছিয়াৰ সামৰিক শক্তি। পুটিনে লুকাই ৰাখিবলৈ চেষ্টা চলালেও তেওঁৰ দেশে ভুগিছে এতিয়া অস্ত্ৰ-শক্তি আৰু মানৱশক্তিৰ গুৰুতৰ অভাৱত। এনে অৱস্থাত পুটিন আগাবঢ়ি আহিছে প্লেন বি কাৰ্যৰূপায়িত কৰিবলৈ, যি পৰিকল্পনাৰ অধীনত ৩ লক্ষাধিক ৰিজাৰ্ভ সৈনিক ৰণক্ষেত্ৰলৈ পঠিওৱা হ’ব; প্ৰতিগৰাকী ৰুছ নাগৰিকৰ পৰা বাধ্যতামূলকভাবে আদায় কৰা হ’ব সামৰিক সেৱা। অথচ ৰণক্ষেত্ৰৰ অপমৃত্যু নিবিচাৰে আজিৰ ৰুছ তৰুণে। দেশ প্ৰেমতকৈ জীৱনৰ প্ৰতি প্ৰেম হয়তো তেওঁলোকৰ বাবে বেছি। সেয়ে দেশখনৰ প্ৰায়বোৰ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰতে এতিয়া যাত্ৰীৰ প্ৰচণ্ড ভীৰ। বিহ্বল চেহেৰা আৰু দুৰ্দশাগ্ৰস্ত মুখেৰে উদভ্ৰান্ত হৈ তেওঁলোকে বিমানত উঠিছে আৰু স্বস্তিৰ নি:শ্বাস এৰিছে বিমানখনে ৰুছ ভূপৃষ্ঠ এৰাৰ লগে লগে। পিচে ক’লৈ পলাইছে ৰুছ তৰুণে?

ৰুছ তৰুণ আৰু দেশ এৰিব খোজা অন্যান্যসকলৰ বাবে প্ৰাথমিক পচন্দ হৈছে মধ্যপ্ৰাচ্য। সেয়ে ৰুছিয়াৰ পৰা মধ্যপ্ৰাচ্যৰ দেশসমূহলৈ যোৱা বিমানৰ ভাড়া বাঢ়িছে। ভাড়া বাঢ়িছে তুৰস্ক, ছাৰ্বিয়া আদি দেশলৈ যোৱা বিমানৰো। আনহাতে জৰ্জিয়া, ফিনলেণ্ড আদি কেইবাখনো সীমান্তবৰ্তী দেশলৈ নিজে গাড়ী চলাই গুছি গৈছে বহু ৰুছ নাগৰিকে। লক্ষ্যণীয়ভাবে ৰুছিয়াৰ পৰা সক্ষম পুৰুষৰ বিদেশগমন এতিয়া নিষেধ যদিও সেই নিষেধাজ্ঞা কাৰ্যৰূপিত হোৱা নাই। ইফালে এনে বিশৃংখল পৰিস্থিতিৰ মাজতে গা কৰি উঠিছে ৰুছিয়াত সামৰিক শাসন বলবৎ হোৱাৰ দুৰ্ভাৱনাও। দৰাচলতে এই দুৰ্ভাৱনাৰ বাবেও বহু ৰুছ নাগৰিকে, বিশেষকৈ প্ৰবীণচামে দেশ এৰিছে। এনে অৱস্থাত এতিয়া অনিশ্চিত হৈ উঠিছে সামগ্ৰীকভাবে ৰুছ সমাজৰেই ভবিষ্যত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...