ইতিহাস! দুবাৰকৈ নোবেল বঁটা পালে আমেৰিকাৰ কে বেৰী শ্বাৰ্পলেছে

পৃথিৱীৰ আটাইতকৈ সন্মানীয় বঁটা বুলি গণ্য কৰা হয় নোবেল বঁটাক। ৩ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ একাদিক্ৰমে নোবেল বঁটা প্ৰাপকৰ নামসমূহ ঘোষণা কৰা হৈছে। ৫ অক্টোবৰত ৰসায়ন বিজ্ঞানৰ নোবেলপ্ৰাপকৰ নাম ঘোষণা কৰা হয়। ২০২২ বৰ্ষৰ বাবে কেৰলিন আৰ বাৰ্টোজি, মৰ্টন মেলদল আৰু কে বেৰী শ্বাৰ্পলেছলৈ আগবঢ়োৱা হৈছে এই সন্মান।

৩ বঁটা প্ৰাপকৰ কে বেৰী শ্বাৰ্পলেছে পূৰ্বেও এবাৰ নোবেল পুৰষ্কাৰৰে সন্মানিত হৈছিল। ২০০১ চনতো নোবেল বঁটা লাভ কৰিছিল কে বেৰী শ্বাৰ্পলেছ। দুবাৰকৈ নোবেল বঁটা পোৱা চতুৰ্থগৰাকী ব্যক্তি ৰূপে পৰিগণিত হৈছে শ্বাৰ্পলেছ।

ইয়াৰ পূৰ্বে মাদাম ক্যুৰিয়ে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল। ইয়াৰ লগতে লীনাছ পাউলিঙে ৰসায়ন বিজ্ঞান আৰু শান্তি ৰ নোবেল বঁটাৰে বিভূষিত হৈছিল। একেদৰে বিজ্ঞানী ফ্ৰেডৰিক চাংকাৰ্ছে ৰসায়ন বিজ্ঞানত দুবাৰকৈ পাইছিল নোবেল বঁটা লাভ কৰিছিল। উল্লেখ্য যে, কেৱল ৰসায়ন বিজ্ঞানত দুবাৰকৈ নোবেল বঁটা বিজয়ী দ্বিতীয়গৰাকী ব্যক্তি ৰূপে পৰিগণিত কে বেৰী শ্বাৰ্পলেছ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...