সৌৰভ গাংগুলীৰ পত্নী তথা নৃত্যশিল্পী ডোনা গাংগুলী হঠাতে অসুস্থ

0 5,656

ভাৰতীয় ক্ৰিকেটৰ এক পৰিচিত মুখ সৌৰভ গাংগুলীৰ পত্নী ডোনা গাংগুলী অসুস্থ। চিকানগুনীয়া ভাইৰাছত আক্ৰান্ত হৈছে ডোনা গাংগুলী। ওড়িশী নৃত্যৰ বাবে প্ৰখ্যাত শিল্পীগৰাকী দুৰ্গা পূজা চলি থকাৰ মাজতে হঠাতে অসুস্থ হৈ পৰে। লগে লগে কলকাতাৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় ডোনা গাংগুলীক। ওডলেণ্ডছ মাল্টি স্পেচিয়েলিটী হাস্পতালৰ চিকিত্সকৰ ভাষ্য অনুসৰি ডোনা গাংগুলীৰ স্বাস্থ্যৰ ওপৰত বিশেষভাবে নিৰীক্ষণ কৰি থকা হৈছে। বিশেষজ্ঞ চিকিত্সক সপ্তৰ্ষী বসু আৰু সৌতিক পাণ্ডাৰ নেতৃত্বৰ এটা দলে নিৰীক্ষণ কৰি আছে স্বাস্থ্যৰ অৱস্থাৰ।

Leave A Reply

Your email address will not be published.