বৰ্ষাপাৰাত খেলৰ মাজতে ওলাল প্ৰকাণ্ড সাপ

বৰ্ষাপাৰাত খেলৰ মাজতে অথন্তৰ। অথন্তৰৰ বাবে দুবাৰকৈ বন্ধ ৰাখিবলগীয়া হ’ল খেল। প্ৰথমে টীম ইণ্ডিয়াৰ বেটিঙৰ সময়ত খেলপথাৰত ওলাল প্ৰকাণ্ড সাপ। খেল চলি থাকোঁতে হঠাৎ খেলপথাৰত প্ৰৱেশ কৰে সাপটোৱে। লগে লগে হুৱাদুৱা লাগে। কিন্তু আয়োজকে তৎপৰতাৰে সাপটো কৰায়ত্ত কৰি খেলপথাৰৰ পৰা আঁতৰ কৰে। প্ৰায় ৫, ৬ মিনিটৰ বিৰতিৰ পিছত পুনৰ আৰম্ভ হয় খেল। সাপজনিত অথন্তৰৰ পিছতে দক্ষিণ আফ্ৰিকাৰ বেটিঙৰ সময়ত বন্ধ হৈ গ’ল বৰ্ষাপাৰা ষ্টেডিয়ামৰ এটা ফ্লাড লাইট। বৰ্ষাপাৰাত অসম ক্ৰিকেট সন্থাৰ বাবে ইয়াতকৈ আৰু লাজৰ কথা আৰু একো নাছিল। ফ্লাড লাইট বন্ধ হৈ থকা বাবে প্ৰায় ১৫, ২০ মিনিট সময় ধৰি বন্ধ হৈ থাকিল খেল। বৰ্ষাপাৰাত টেষ্ট ক্ৰিকেটৰ ভেন্যু হিচাপে তৈয়াৰ কৰিব খোজা অসম ক্ৰিকেট সন্থাৰ T-20 খেলখনতে এই প্ৰদৰ্শন অত্যন্ত হতাশজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...