সোমবাৰে দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতিৰূপে শপত ল’ব দ্ৰোপদী মূৰ্মুৱে

সোমবাৰে দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতিৰূপে শপত ল’ব দ্ৰোপদী মূৰ্মুৱে। প্ৰথমগৰাকী আদিবাসী মহিলাৰূপে দ্ৰোপদী মূৰ্মুৱে অনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিৰ দায়িত্ব। সংসদৰ চেন্ট্ৰল হলত কাইলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠান। উচ্চতম ন্যায়ালয়ৰ মুখ্য নায়াধীশ এন ভি ৰামান্নাই ৰাষ্ট্ৰপতিৰূপে দ্ৰোপদী মূৰ্মুক পাঠ কৰোৱাব শপত বাক্য।

দ্ৰোপদী মূৰ্মুৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব উপৰাষ্ট্ৰ পতি এস ভেংকায়া বাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকল, দেশৰ ৰাজ্যৰ সমূহৰ ৰাজ্যপালসকল, প্ৰদেশসমূহৰ মুখ্যমন্ত্ৰীসকল, কূটনৈকিক অভিযানৰ মুৰব্বী, সামৰিক আৰু অসামৰিক সেৱাৰ মুৰব্বীসকল।

শোভাযাত্ৰাৰে চেণ্ট্ৰেল হললৈ আদৰি অনা হ’ব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ আৰু নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক। ইয়াৰ পিছতে নতুন ৰাষ্ট্ৰপতিৰূপে শপত ল’ব দ্ৰপদী মুৰ্মুৱে। শপতগ্ৰহণ অনুষ্ঠানৰ সামৰণি পৰাৰ লগে লগে ৰাষ্ট্ৰপতি ভৱনলৈ ৰাওনা হ’ব ৰাষ্ট্ৰপতিগৰাকী। উল্লেখযোগ্যযে আজি অন্ত পৰিল ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ কাৰ্যকাল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...