প্ৰৱঞ্চক নীৰৱ মোদীৰ ২৫৩.৬২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত

প্ৰৱঞ্চক নীৰৱ মোদীৰ সম্পত্তি বাজেয়াপ্ত। ED-এ জব্দ কৰে প্ৰৱঞ্চক ধন কুবেৰজনৰ বৃহৎ পৰিমাণৰ অস্থাৱৰ সম্পত্তি। হংকঙত ED-এ জব্দ কৰে নীৰৱ মোদী গ্ৰুপৰ বিশাল সম্পত্তি। মুঠ ২৫৩.৬২ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰে ED-এ। জব্দকৃত সা-সম্পত্তিৰ ভিতৰত আ–অলংকাৰ, বেংকৰ জমা ধন।

বৰ্তমানলৈ নীৰৱ মোদীৰ জব্দকৃত সম্পত্তিৰ পৰিমাণ ২৬৫০.০৭ কোটি। সম্প্ৰতি ব্ৰিটেইনৰ কাৰাগাৰত বন্দী প্ৰৱঞ্চক নীৰৱ মোদী। পাঞ্জাৱ নেচনেল বেংকৰ প্ৰৱঞ্চনাৰ গোচৰত বন্দী নীৰৱ। এই গোচৰত EDৰ লগতে তদন্ত চলাই আছে CBIয়েও। প্ৰৱঞ্চক মেহুল চোকছীৰ সৈতে নীৰব মোদীয়ে আত্মসাৎ কৰিছিল ধন। পাঞ্জাৱ নেচনেল বেংকৰ ১৩,৫০০ কোটি টকা আত্মসাৎ কৰিছিল দুয়ো। প্ৰত্যাপনৰ বিৰোধিতাৰে লণ্ডনত আইনী যুঁজ নীৰৱ মোদীৰ। বৰ্তমান এণ্টিগুৱা আৰু বাৰ্বুদাত আশ্ৰয় লৈ আছে মেহুল চোকছীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় মহিলা ক্ৰিকেটত নতুন অধ্যায়; অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বিশ্বকাপজয়ী অধিনায়ক হৰমনপ্ৰীত কৌৰে তিনিওটা...

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...