ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ত দলত স্থান পাবনে কোহলীয়ে?

ভাৰতৰ আৰু ইংলেণ্ডৰ মাজত আজি এজবাষ্টনত অনুষ্ঠিত হ’ব দ্বিতীয় খন টি-২০ মেচ। প্ৰথমখন মেচত ৫০ ৰানত শক্তিশালী ইংলেণ্ডৰ দলটোক পৰাস্ত কৰিছিল টীম ইণ্ডিয়াই। হাৰ্দিক পাণ্ডিয়াৰ দুৰ্দান্ত অলৰাউণ্ড প্ৰদৰ্শন, দীপক হুদা, সূৰ্যকুমাৰ যাদৱ আৰু অন্যান্য বেটছমেনৰ আকৰ্ষণীয় ইনিংছৰ সহায়ত সহজে জয় লাভ কৰিছিল টীম ইণ্ডিয়াই।

কিন্তু ভাৰতীয় প্ৰশিক্ষণ ষ্টাফৰ বাবে দ্বিতীয়খন মেচত দলত কোন খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰিব সেই বিষয়টো হৈ পৰিছে সকলোৰে মূৰৰ কামোৰণি। কাৰণ আজিৰ মেচখনত টীম ইণ্ডিয়ালৈ উভতি আহিছে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী, ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা আৰু যশপ্ৰীত বুমৰাহ।

এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, বিগত কেইখনমান টি-২০ত দীপক হুদাৰ উচ্চ মানৰ প্ৰদৰ্শনে দৃষ্টি আকৰ্ষণ কৰিছে অনুৰাগীৰ। হুদাই কোহলীৰ ঠাইত বেটিং কৰিছিল আৰু ইন ফৰ্ম থকা দীপক হুদাক কোহলীৰ বাবে দলৰ পৰা বাহিৰ কৰে নে নাই সেইটো হে হ’ব লক্ষণীয়।

ফৰ্মত নথকা কোহলী আজিৰ মেচখনত স্থান পাই নে নাই সেইটো এতিয়া এটা ডাঙৰ প্ৰশ্ন। ভাৰতীয় দলৰ প্ৰাক্তন বলাৰ জাহিৰ খানৰ মতে দ্বিতীয় টি-২০ত ভাৰতীয় একাদশত সলনি কৰিব নালাগে। তেওঁৰ মতে যদিও কোহলী, পন্ত, বুমৰাহ, জাদেজা আদিৰ দৰে তাৰকা খেলুৱৈসকল উভতি আহিছে তথাপিও মূল একাদশত অন্তৰ্ভুক্ত কৰিব নালাগে বুলি মন্তব্য কৰিছে জাহিৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...

আগৰকাৰৰ পিছত কোন? নিৰ্বাচক পদক লৈ চৰ্চাৰ মাজতে শ্ৰীকান্তৰ মন্তব্য

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য...