উভতি আহি আছে আকাশৰ সম্ৰাট কনকৰ্ড

✒️অচিন্ত্য শৰ্মা

উভতি আহিব আকাশৰ সম্ৰাট। ভূ-পৃষ্ঠ কপাঁই আকৌ এবাৰ মানুহ উৰিব অতি শাব্দিক দ্ৰুতিৰে। কনকৰ্ডৰ প্ৰত্যাবৰ্তন আসন্ন। হয়, সকলো ঠিকে ঠাকে থাকিলে, খুব সোনকালেই আকৌ এবাৰ আকাশত দেখা যাব যাত্ৰীবাহী ছুপাৰছ’নিক। বিমান কনকৰ্ডক;- যি কনকৰ্ডে প্ৰায় তিনিটা দশক ধৰি আকাশত ৰাজত্ব চলাইছিল, আৰু বিমান যাত্ৰাক দিছিল এক নতুন মাত্ৰা। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত হোৱা জেট ইঞ্জিনৰ আবিষ্কাৰে অতিশাব্দিক সামৰিক বিমান বা যুদ্ধ বিমান নিৰ্মাণ সহজ তথা বাস্তৱ কৰি তুলিছিল যদিওআতিশাব্দিক, অৰ্থাৎ শব্দত কৈ অধিক দ্ৰুতিৰে গতি কৰা ছুপাৰছ’নিক যাত্ৰীবাহী অসামৰিক বিমানৰ নিৰ্মান পৰবৰ্তী বহুদিনলৈ মানুহৰ বাবে এক সপোন হৈয়েই ৰৈ গৈছিল। সেই সপোনে বাস্তৱ ৰূপ পাইছিল বিগত শতিকাৰ সপ্তম দশক; – যেতিয়া ১৯৭৬ চনত ফ্ৰান্স আৰু ইংলেণ্ড যুটীয়াভাবে নিৰ্মাণ কৰি উলিয়াইছিল এই কনকৰ্ড বিমান। ১৯৭৬ চনত প্ৰথম বাণিজ্যিক উৰণ আৰম্ভ কৰা কনকৰ্ডে শব্দতকৈ দুগুন দ্ৰুতিৰে ইউৰোপ-আমেৰিকাৰ মাজৰ যাত্ৰা সম্পন্ন কৰিছিল মাত্ৰ তিনিঘণ্টাতে।

পিচে ইমানৰ পিছতো কনকৰ্ড বিমান আৰু কনকৰ্ড বিমানৰ যাত্ৰা জনপ্ৰিয় হ’ব পৰা নাছিল। কাৰণ বৃহৎ আৰু দ্ৰুতগামী এই বিমানখনক উৰাবলৈ প্ৰয়োজন হৈছিল অত্যাধিক ইন্ধনৰ, যাৰ ফলশ্ৰুতিত কনকৰ্ড বিমান যাত্ৰা অতিপাত খৰচী হৈ উঠিছিল আৰু বিমানখন একোটা টিকটৰ মূল্য হৈ উঠিছিল গৈ আৰু বিমানৰ একোটা টিকটৰ মূল্য হৈ উঠিছিল গৈ আজিৰ ভাৰতীয় মুদ্ৰামূল্যৰ হিচাপত দহ লাখ টকা পৰ্যন্ত। তদুপৰি অতিশাব্দিক দ্ৰুতিৰে চলাৰ বাবে বিমানখনে বাৰে বাৰে ছ’নিক বুমৰ সৃষ্টি কৰিবলগা হৈছিল আৰু ভূ-পৃষ্ঠৰ মানুহ বা অন্য প্ৰাণীৰ বাবে ই হৈ উঠিছিল বিভীষিকাস্বৰূপ। তথাপি কনকৰ্ড বিমান চলি আছিল এই শতিকাৰ প্ৰথম দশকৰ প্ৰথমাৰ্ধলৈকে। কিন্তু দুহেজাৰ চনৰ এক অভিশপ্ত দিনত পেৰিচৰ পৰা নিউয়ৰ্ক অভিমুখে উৰামৰা এয়াৰ ফ্ৰান্সৰ এখন যাত্ৰীভৰ্তি কনকৰ্ড বিমান আকাশতে ধ্বংসপ্ৰাপ্ত হোৱাৰ পিছতে লাহে লাহে কনকৰ্ড বিমান সেৱা সীমিত হৈ আহে। ২০০৩ চনৰ ২৪ অক্টোবৰত নিউয়ৰ্কৰ জন এফ কেমেডী বিমান বন্দৰৰ পৰা লণ্ডনৰ হিথ্ৰো বিমান বন্দৰৰ অভিমুখে উৰা মৰা কনকৰ্ড বিমানখনেই আছিল আকাশ অভিমুখী শেষ কনকৰ্ড বিমান। তাৰ পিছতেই সকলো কনকৰ্ড বিমানক কৰা হৈছিল,- গ্ৰাউলেণ্ড। বিগত প্ৰায় দুটা দশক ধৰি কোনেও আকাশত দেখা নাই কনকৰ্ড; কোনেও শুনা নাই কনকৰ্ডৰ গৰ্জন।

পিচে কনকৰ্ড ৰৈ গ’লেও ৰৈ নগ’ল মানুহৰ দ্ৰুতি আৰু গতিৰ আকাংখ্যা। আৰু সেই আকাংখ্যাৰ হাতত ধৰিয়েই উভতি আহিব ধৰিছে কনকৰ্ড বিমান। অৱশ্যে নতুন এই যাত্ৰীবাহী ছুপাৰছোনিক বিমানে কনকৰ্ড নামেৰেই প্ৰত্যাবৰ্তন কৰে নে অন্য কোনো নাম অবতাৰেৰে প্ৰত্যাবৰ্তন কৰে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। তথাপি পৃথিবীৰ বিভিন্ন প্ৰান্তৰ বহুতো প্ৰতিষ্ঠান শেহতীয়াভাবে আগবাঢ়ি আহিছে পুনৰ অতিশাব্দিক যাত্ৰীবাহী বিমানৰ সেৱা আৰম্ভ কৰিবলৈ। বিগত বৰ্ষত ইউনাইটেড এয়ালাইন্সে বুম ছুপাৰছোনিকৰ লগত চুক্তিবদ্ধ হৈছে ১৫খন বিমান ক্ৰয় কৰাৰ বাবে। ২০২৯ চনৰ ভিতৰত উপলদ্ধ হ’ব এইসমূহ বিমান। ইফালে ভাৰ্জিন গেলাকটিকে ৰোলছ ৰইছৰ লগত চুক্তিবদ্ধ হৈছে শব্দতকৈ তিনিগুণ বাছি দ্ৰুতিসম্পন্ন যাত্ৰীাবহী বিমান নিৰ্মানৰ বাবে। আনহাতে নাছা আৰু লকহি্ড মাৰ্টিনে যুতিয়া প্ৰচেষ্টা আৰম্ভ কৰিছে তেওঁলোকৰ স্বপ্নৰ প্ৰকল্প X59 এয়াৰক্ৰাফটৰ বাবে। নাছাই দাবী কৰামতে অতিশাব্দিক দ্ৰুতিৰে গতি কৰা সত্বেও X59 বিমানে সৃষ্টি কৰা ছ’নিক বুমৰ শব্দ হ’ব অতি কম; যাৰবাবে যাত্ৰাকালত ভূ-পৃষ্ঠৰ ওপৰত নাথাকিব ইয়াৰ কোনো প্ৰভাব।

এনেদৰেই চলিছে কনকৰ্ডৰ প্ৰত্যাবৰ্তন প্ৰক্ৰিয়া। হয়তো এইটো দশকতে পূৰণ হ’ব মানুহৰ পুনৰ বাৰ অতিশাব্দিক দ্ৰুতিৰে যাত্ৰীবাহী বিমান উৰুওৱাৰ স্বপ্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...