প্ৰথম টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয় টীম ইণ্ডিয়াৰ

0 83

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ত ৫০ ৰানৰ বৃহৎ জয় ‘মেন ইন ব্লু’ৰ। প্ৰথমে বেট ধৰি ভাৰতে ১৯৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই সৰ্বাধিক ৫১ ৰান সংগ্ৰহ কৰে।

ইপিনে সূৰ্য কুমাৰ যাদৱ আৰু দীপক হুডাৰ আকৰ্ষণীয় বেটিঙৰ সহায়ত ইংলেণ্ডক ১৯৮ লক্ষ্য বান্ধি দিবলৈ সক্ষম হয়। লক্ষ্য অনুসৰণ কৰি ১৯.৩ অভাৰত ১৪৮ ৰানত অল আউট হয় ইংলেণ্ডে।

ভাৰতৰ হৈ বলিঙত হাৰ্ডিক পাণ্ডিয়াই নিজৰ চাৰি অভাৰত মুঠ ৩৩ ৰাণ দি চাৰিটা উইকেট দখল কৰে। ইপিনে আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ প্ৰথমখন মেচ খেলা আৰ্শদীপ সিঙে দুটা উইকেট দখল কৰিবলৈ সক্ষম হয়।

আনহাতে দ্বিতীয়খন টি-২০ খেল কাইলৈ এজবাষ্টনত অনুষ্ঠিত হ’ব যত বিৰাট কোহলীকো টীম ইণ্ডিয়াত দেখা পাব অনুৰাগীয়ে।

Leave A Reply

Your email address will not be published.