ছিনিয়ৰবিলাকে শৰীৰৰ বিভিন্ন অংশৰ মাছাজ কৰোৱাইছিল, অলিম্পিয়ান দ্যুতিৰ অকথিত অধ্যায়

এভ্ৰি লিজেণ্ড হেজ এ বিগিনিং বুলি কোৱা হয়। সৰু সৰু অঞ্চলবিলাকৰ পৰা নিজৰ সপোন পূৰণৰ বাবে ডাঙৰ চহৰলৈ আহোঁতে বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হব লগা হয়। নিজৰ প্ৰতিভাৰে উজলি দেশৰ গৌৰৱ হোৱালৈ বহু তাৰকাই সহ্য কৰিব লগা হয় নামবিহীন বেথা। অলিম্পিয়ান দৌৰবিদ ওড়িশাৰ সুসন্তান দ্যুতি চান্দৰ ক্ষেত্ৰতো আৰম্ভণিতে তেনে ঘটনাই ঘটিছিল। ২০০৬-০৮ৰ সময়ছোৱাত ভুৱনেশ্বৰত প্ৰচুৰ মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছিল। খেলৰ বাবে বাহৰ পতা হোষ্টেলত বিভিন্ন মানসিক আতিশায্যৰ চিকাৰ হৈছিল খেলুৱৈগৰাকী। উল্লেখ্য যে, বিজেবি এটনমাছ কলেজৰ এগৰাকী শিক্ষাৰ্থীৰ ৰহস্যজনক মৃত্যুৰ পিছতে মুকলিভাবে এই কথা প্ৰকাশ কৰিছে খেলুৱৈগৰাকীয়ে। কিয়নো সেইগৰাকী শিক্ষাৰ্থীয়ে ৰেগিঙৰ বাবেই চৰম সিদ্ধান্ত লোৱা বুলি আশংকা কৰা হৈছে। দ্যুতিৰ ভাষাত- দিদি (ছিনিয়ৰ) বোৰে মোক মাছাজ কৰোৱাইছিল। শৰীৰৰ মালিচ দিয়া আৰু তেওঁলোকৰ কাপোৰ ধুবলৈ বাধ্য কৰোৱা হৈছিল মোক। ইয়াৰ লগতে মোৰ প্ৰিয় বন্ধুক লৈও বিভিন্ন কটু মন্তব্য কৰিছিল। এই ঘটনাই যথেষ্ট ব্যথিত কৰিছিল মোক, মই বাৰম্বাৰ কৰ্তৃপক্ষক অভিযোগ দিছিলো যদিও মোৰ আবেদন কোনেও গুৰুত্ব দিয়া নাছিল।
শেষবাৰলৈ হোষ্টেলৰ ইন-চাৰ্জ বা দায়িত্ববাহী বিষয়াজনক যেতিয়া এই বিষয়ে কবলৈ গৈছিলো, তেতিয়া মোক ধমকহে দিছিল। তীব্ৰ স্বৰত মোক একপ্ৰকাৰ ভাবুকি দিছিল। মানসিকভাবে কোনো সমৰ্থন নোপোৱাত একপ্ৰকাৰ মই সেই সময়ত অসহায় হৈ পৰিছিলোঁ, এইদৰে কয় দ্যুতিয়ে।
উল্লেখ্য যে, ২ জুনত এগৰাকী ১৯ বছৰীয়া ছাত্ৰীৰ নিথৰ দেহ ভুৱনেশ্বৰত উদ্ধাৰ হৈছিল। ওলমি থকা মৃতদেহৰ তলত পোৱা গৈছিল এখন টোকা, যত স্পষ্টভাবে ছাত্ৰীগৰাকীয়ে লিখি থৈ গৈছে-মোক ৩গৰাকী জ্যেষ্ঠ ছাত্ৰীয়ে মানসিক হাৰাশাস্তি কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...