কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : আজি আপুনি কর্মত সিদ্ধি লাভ কৰিব। ব্যৱসায়-বাণিজ্যত শুভ। এলাহ এৰি কামত আগবাঢ়ক, সফলতা লাভ কৰিব। সন্তানৰ চিন্তাই মন ব্যথিত কৰিব। ধন ব্যয়ৰ যোগ।

বৃষ : আজি আপোনাৰ ধন লাভৰ যোগ আছে। স্বাস্থ্য ভালেৰে যাব। ব্যৱসায়ীসকলৰ শুভ। কর্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ। বাক-বিতণ্ডাৰ পৰা আঁতৰি থাকক।

মিথুন : আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। ভ্ৰমণৰ যোগ আছে। কোনো কামত সফলতা লাভৰ যোগ। প্রেমিক-প্রেমিকাৰ শুভ।

কর্কট : আজি আপোনাৰ আর্থিক দিশত উন্নতি লাভ কৰাৰ যোগ আছে। কর্মক্ষেত্ৰত আশা কৰা ধৰণে সফল নহ’ব। প্ৰেমত মধুৰ সম্পৰ্ক থাকিব।

সিংহ : আজি আপোনাৰ শৰীৰৰ সিৰ-ব্যাধি ভয়ে দেখা দিব। বহু দিন আগতে পাব লগা ধন হাতলৈ আহিব পাৰে। শিল্পী-সাহিত্যিকৰ শুভ। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম।

কন্যা : আজি আপুনি ধন লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ। শিল্পী-সাহিত্যিকৰ মধ্যম। হাতলৈ ধন আহিব পাৰে। নতুন কাম আৰম্ভ কৰিব পাৰে।

তুলা : আজি আপোনাৰ বুদ্ধি হানি হ’ব পাৰে। বিতৰ্কৰ পৰা আঁতৰি থাকক। আত্মবিশ্বাসেৰে কামত আগবাঢ়িলে সফল হ’ব। ব্যৱসায়ীসকলৰ শুভ। বিদ্যাৰ্থীসকলৰ মধ্যম।

বৃশ্চিক : আজি আপোনাৰ কৰ্মক্ষেত্ৰত জটিলতাই দেখা দিব। বন্ধুত্ব গঢ়ি উঠিব পাবে। স্থায়ী সম্পত্তি ক্রয় কৰাৰ সময়ত সাৱধান হ’ব। প্রেমিক-প্রেমিকাৰ মধ্যম।

ধনু : আজি আপোনাৰ অৰ্থ হানি হোৱাৰ যোগ। নিজৰ কামত ধ্যান দিয়ক। ব্যৱসায়ীসকলৰ ব্যৱসায় বৃদ্ধিৰ যোগ। স্বাস্থ্য ভালেৰে যাব। বাহন ক্রয়ৰ যোগ। ভ্রমণ হ’ব পাৰে।

মকৰ : আজি আপোনাৰ মনটো চঞ্চল হৈ থাকিব। শুভ সংবাদ লাভ কৰিব। ব্যৱসায়ীসকলৰ শুভ। আশা কৰা মতে কাম-কাজ হৈ নুঠিব। প্রেমত মধ্যম। বিদ্যার্থীৰ শুভ।

কুম্ভ : ব্যৱসায়ীসকলৰ আজি অযথা ক্ষতি হোৱাৰ সম্ভাৱনা আছে। মোকর্দমাত সিদ্ধি লাভ কৰিব পাৰে। ভ্ৰমণকাৰীসকলৰ বাবে দিনটো শুভ।

মীন: আপোনাৰ আজি কর্মক্ষেত্ৰত বিস্তাৰ লাভ কৰাৰ সম্ভাৱনা আছে। হাতলৈ ধন আহিব পাৰে। চৰকাৰী চাকৰিয়ালৰ পদোন্নতিৰ যোগ। শিল্পী-সাহিত্যিকৰ বাবে দিনটো শুভ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...