কান চলচ্চিত্র উৎসৱৰ ৰেড কাৰ্পেটত খোজ দিব বিচাৰে নেকি? সহজ নহ’লেও অসম্ভৱো নহয় এই সপোন

আজি আমি ক’ব বিচাৰিছো… কেনেকৈ কান চলচ্চিত্র উৎসৱৰ RED CARPETত খোজ দিব পাৰিব আপুনি?

১) যদিহে আপুনি চলচ্চিত্র উৎসৱখনিৰ কোনো এটা পৃষ্ঠপোষক (Sponsor)ৰ ব্ৰেণ্ড এম্বেছাদৰ হয়, তেন্তে নিজকে ৰেড কাৰ্পেটত কল্পনা কৰিব পাৰে। দীপিকা পাডুকন, ঐশ্বৰ্য ৰায় বচ্চন আৰু সোণম কাপুৰে এই বছৰ প্ৰসাধন সামগ্ৰী বিক্ৰেতা বহুজাতিক কোম্পেনী ল’ৰিয়েলৰ ভাৰতীয় ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ৰেড কাৰ্পেটত খোজ দিছে, আনহাতে মাহিৰা খান কোম্পেনীটোৰ পাকিস্তানৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ৰেড কাৰ্পেটত স্থান লাভ কৰিছে।

আনহাতে গ্ৰে গুজৰ হৈ ৰেড কাৰ্পেটত উপনীত হৈছে হুমা কুৰেশ্বী আৰু কংগনা ৰানাৱট।

২) যদি আপোনাৰ কোনো বন্ধুৰ বন্ধু আছে যিয়ে আপোনাক ছবি এখনৰ টিকট দিব পাৰে, তেন্তে আপুনি প্ৰদৰ্শনীত প্ৰৱেশ কৰিব পাৰে। কিন্তু ৰেড কাৰ্পেটটোৱেই হৈছে এই উৎসৱৰ স্ক্ৰীনিং হলবোৰতকৈ অতি আকাংক্ষিত অনুষ্ঠান। গতিকে, যিসকলে কেৱল ৰেড কাৰ্পেটত ফটো উঠিব বিচাৰে, তেওঁলোকক বেৰিকেড পাৰ হ’বলৈ মাত্ৰ এটা টিকটৰ প্ৰয়োজন। কোৱা হয় যে, কানৰ ৰেড কাৰ্পেটৰ নিৰাপত্তাৰ দ্বায়িত্বত থকা নিৰাপত্তাৰক্ষীয়ে ভালকৈ সাজ-পোছাক পৰিধান নকৰিলে সেই ঠাইত প্ৰৱেশ কৰিব নিদিয়ে।

৩) যদি আপুনি কোনো এখন ছবিৰ প্ৰিমিয়াৰৰ ঠিক পূৰ্বে অথবা বিক্ৰী হৈ থকা শেষ মুহূৰ্তৰ টিকট এটা ল’ব পাৰে, তেন্তে সেইটোও ৰেড কাৰ্পেটলৈ যাব পৰা টিকট। কানলৈ যোৱা লোকসকলে কয় যে, প্ৰিমিয়াৰৰ ঠিক আগতেই বিয়লি ৪ বা ৪.৩০ বজাত ৰেড কাৰ্পেটৰ ওচৰৰ পেভিলিয়নত সুন্দৰকৈ সাজ-পোছাক পৰিধান কৰা মহিলা সকলে সেই সুযোগৰ বাবে অপেক্ষা কৰি থাকে।

৪) যদি আপোনাৰ ছবিখন কোনো এটা শিতানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হয়, তেন্তে ৰেড কাৰ্পেটত আপোনাৰ স্থান নিশ্চিত। অতি কম সংখ্যক ভাৰতীয় ছবিয়েই প্ৰকৃত চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰে বুলি ক’ব পাৰি।

৫) যদি আপুনি জুৰীৰ সদস্য, তেন্তে আপুনি ৰেড কাৰ্পেটত নিজকে কল্পনা কৰিব পাৰে।

৬) যদি আপুনি যিকোনো এখন দেশৰ প্ৰতিনিধি হিচাপে স্থান পাইছে, তেতিয়াও আপুনি ৰেড কাৰ্পেটলৈ যাব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...