আকাশত মেঘৰ মাজে মাজে উৰাৰ সপোন আছে নেকি? আহি আছে কম মূল্যত বিমান যাত্ৰাৰ সুযোগ!

নীলিম আকাশত মেঘৰ মাজে মাজে উৰাৰ সপোন আছে নেকি? মধ্যবিত্তৰ বাবে আশাৰ সঞ্চাৰ কৰি কম মূল্যত বিমান যাত্ৰাৰ সুযোগ আহি আছে। দেশে অচিৰে লাভ কৰিব এক নতুন এয়াৰলাইঞ্চ। মে’ মাহৰ শেষ ভাগত অথবা জুনৰ প্ৰথম সপ্তাহত আকাশত উৰিবলৈ সাজু নতুন বিমান প্ৰতিষ্ঠান আকাছা এয়াৰ।

উদ্যোগপতি ৰাকেশ ঝুনঝুনৱালাই কমখৰচী আকাছা এয়াৰৰ উৰণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আকাছাৰ এয়াৰলাইড কোড হৈছে QP। ইতিমধ্যে সকলোকে হাই সম্বোধনেৰে নিজৰ প্ৰথমখন আলোকচিত্ৰ প্ৰকাশ কৰিছে সংস্থাটোৱে।

২০২৩ চনলৈ ১৮খন বৃহৎ বিমান ক্ৰয় কৰিব আকাছা এয়াৰে। কেৱল দেশৰ ভিতৰতে নহয়, বিদেশলৈও আকাছা এয়াৰৰ বিমান চলাচল কৰিব। নেপাল, শ্ৰীলংকা, বাংলাদেশ, মধ্য, পূব আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহলৈ প্ৰাৰম্ভিক অৱস্থাত যাত্ৰা কৰিব আকাছাৰ বিমান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...