ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে নেকি ৰুছ ৰাষ্ট্ৰপতি

ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে নেকি ভ্লাডিমিৰ পুটিন? সম্প্ৰতি এনে এক চাঞ্চল্যকৰ বাতৰি বিয়পি পৰিছে বিশ্বৰ চৌপাশে। ইয়াৰ পূৰ্বেই পুটিন কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ লগতে তেওঁৰ অস্ত্ৰোপচাৰ হ’ব বুলি বাতৰি প্ৰকাশ পাইছিল যদিও ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ কথাতো নতুনকৈ প্ৰকাশ পাইছে। মস্কো মহলৰ ঘনিষ্ঠ সূত্ৰৰ পৰাই বিয়পি পৰিছে এই সংবাদ। আনহাতে উক্ত সূত্ৰৰ উদ্ধৃতিৰে সংবাদটো পৰিৱেশন কৰিছে মাৰ্কিন সংবাদমাধ্যমে। একেটা সূত্ৰই আৰু প্ৰকাশ কৰা মতে পুটিনৰ অসুস্থতাই ইতিমধ্যে অতি গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ইফালে ইউক্ৰেইনৰ এজন শীৰ্ষ সামৰিক বিষয়াৰ দাবী– ৰুছিয়াত অচিৰেই এক অভ্যুত্থান ঘটিব আৰু পুটিন ক্ষমতাচ্যুত হ’ব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...