ক’ভিডৰ কবলত উত্তৰ কোৰিয়া

পুনৰ ক’ভিডৰ ভয়াবহ ৰূপ। ক’ভিডে ভয়াৱহ ৰূপ লৈছে উত্তৰ কোৰিয়াত। তিনিদিনত অতিক্ৰম কৰিলে লাখৰ ঘৰ।

১২ মে’ত দেশখনত প্ৰথমটো ক’ভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল আৰু বৰ্তমান দেশখনত ক’ভিড ৰোগীৰ সংখ্যা ৮,২০,৬২০। ইয়াৰে ৪২ জন লোকৰ মৃত্যু হৈছে আৰু ৩,২৪,৫৫০ জন লোক চিকিত্সাধীন হৈ আছে। ইয়াৰে বাকীখিনি ৰোগীয়ে কটাই আছে কটাই আছে এক প্ৰকাৰৰ গৃহবন্দীত্বৰ জীৱন।

উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনে বৰ্তমান বিবুধিত পৰিছে দেশখনৰ পৰিস্থিতিক লৈ। দেশখনত জাৰি কৰা হৈছে জৰুৰীকালিন অৱস্থা।

দেশখনৰ সকলো বিলাক চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে সকলো ধৰণৰ কাৰখানা আদি বন্ধ কৰি দিয়া হৈছে।

আজি লৈকে দেশখনে ব্যৱহাৰ কৰা নাই কোনো ধৰণৰ ক’ভিড মহামাৰীৰ প্ৰতিষেধকো। এনে পৰিস্থিতত কেনেধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা লব কিম জংৰ চৰকাৰে, সেয়া হৈছে সমগ্ৰ বিশ্বৰ বাবে লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...