ক’ভিডৰ কবলত উত্তৰ কোৰিয়া

পুনৰ ক’ভিডৰ ভয়াবহ ৰূপ। ক’ভিডে ভয়াৱহ ৰূপ লৈছে উত্তৰ কোৰিয়াত। তিনিদিনত অতিক্ৰম কৰিলে লাখৰ ঘৰ।

১২ মে’ত দেশখনত প্ৰথমটো ক’ভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল আৰু বৰ্তমান দেশখনত ক’ভিড ৰোগীৰ সংখ্যা ৮,২০,৬২০। ইয়াৰে ৪২ জন লোকৰ মৃত্যু হৈছে আৰু ৩,২৪,৫৫০ জন লোক চিকিত্সাধীন হৈ আছে। ইয়াৰে বাকীখিনি ৰোগীয়ে কটাই আছে কটাই আছে এক প্ৰকাৰৰ গৃহবন্দীত্বৰ জীৱন।

উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনে বৰ্তমান বিবুধিত পৰিছে দেশখনৰ পৰিস্থিতিক লৈ। দেশখনত জাৰি কৰা হৈছে জৰুৰীকালিন অৱস্থা।

দেশখনৰ সকলো বিলাক চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে সকলো ধৰণৰ কাৰখানা আদি বন্ধ কৰি দিয়া হৈছে।

আজি লৈকে দেশখনে ব্যৱহাৰ কৰা নাই কোনো ধৰণৰ ক’ভিড মহামাৰীৰ প্ৰতিষেধকো। এনে পৰিস্থিতত কেনেধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা লব কিম জংৰ চৰকাৰে, সেয়া হৈছে সমগ্ৰ বিশ্বৰ বাবে লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...