পদপথৰ মানসিক বিকাৰগ্ৰস্ত লোকক লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ,কোন এই ফখৰুল ইছলাম?

নিকৃষ্ট কাণ্ড। পদপথৰ মানসিক বিকাৰগ্ৰস্ত লোকক লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ বিলাসী বাহনৰ গৰাকীৰ। দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংঘটিত এই ঘটনা। বেছিমাৰীৰ নদীৰকাষ গাঁৱৰ ফখৰুল ইছলাম নামৰ লোকজনে লাঠিৰে প্ৰহাৰ কৰা ভিডিঅ’ মোবাইলত বন্দী কৰে একাংশ লোকে। কিন্তু এইয়া সম্পূৰ্ণ মিছা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ফখৰুল ইছলামে। তেওঁ কয় যে-”লোকজন কোনো মানসিক বিকাৰগ্ৰস্ত নহয়, মোক মাৰিবলৈ আহোঁতে মই হাতৰ পৰা লাঠিডাল কাঢ়ি নি ওলোটাই প্ৰহাৰ কৰিছো।” উল্লেখ্য যে, লালপুলৰ পৰা দলগাঁও অভিমুখে গৈ থকা অৱস্থাত হঠাৎ ফখৰুল ইছলামৰ চলন্ত বাহনত বাঁহেৰে আক্ৰমণ কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে। ইফালে স্থানীয় পহৰা চকীৰ আৰক্ষীৰ ভাষ্য অনুসৰি লোকজন শাৰীৰিক আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত। নিজৰ পৰিচয়টোৱেই ভালকৈ দিব নোৱাৰে লোকজনে। এই ঘটনাক লৈ এতিয়া দলগাৱঁত সৃষ্টি হৈছে চাঞ্চল্যৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

হিমাচলত চলি থকা আই ডব্লিউ এল এফ প্ৰতিযোগিতাত অভিনৱৰ ৰূপ-ইছাংফাৰ ব্ৰঞ্জ অৰ্জন

শাৰদীয় দূৰ্গা পূজাৰ মহাষষ্ঠীৰ দিনাই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আনন্দৰ খবৰ৷...

গুৱাহাটী নহয় যেন অপৰাধীৰ নগৰীহে! নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণ যুৱতীক

গুৱাহাটীৰ লজত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিচাযুক্ত...

কাইলৈ ষষ্ঠী, ব্যস্ততাৰ অন্ত নাই কাৰোৰে

অসূয়া অপ্ৰীতি, অপায় অমংগল বিনাশৰ কামনাৰে দেৱী দুৰ্গাৰ আৰাধনাৰ...