ন বোৱাৰীক ফটো উঠোৱাক লৈ কুৰুক্ষেত্ৰ, দুটা ফৈদৰ মাজত তুমুল মাৰপিট, জ্বলাই দিলে ঘৰ!

ঈদৰ উছাহৰ মাজতে দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা। ন বোৱাৰীক ফটো উঠোৱাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত তুমুল মাৰপিট। নগাঁৱৰ কঠিয়াতলীৰ বুকলুঙত সংঘটিত হৈছে এই ঘটনা। গিয়াচুদ্দিন নামৰ এজন লোকে এগৰাকী ন বোৱাৰীক ফটো তুলিবলৈ লোৱাত বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে গিয়াচুদ্দিনক বাধা প্ৰদান কৰাত তৰ্ক-বিতৰ্কত লিপ্ত হৈ উভতি যায় যদিও পুনৰ গিয়াচুদ্দিনে প্ৰায় ৩০জন মান লোকক লগত লৈ বোৱাৰী গৰাকীৰ পৰিয়ালক মাৰপিট কৰি বাসগৃহত অগ্নিসংযোগ কৰাৰ অভিযোগ। এই ঘটনাত ৯জন লোক আহত হৈছে। আহত আব্দুল চালাম, ৰস্তুম আলি, তাহেৰ আলী, আতাবুৰ ইছলাম, ৰবিনা খাতুন, ৰমজান আলী, জাহেদা খাতুন, ৰাছিদা খাতুন আৰু জাকিৰ হুছেইনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...