কেঁচা নহৰুৰ ১১টা বিশেষ পুষ্টিগুণ, ২ মিনিটত সঘনাই নহৰু খোৱাৰ উপকাৰিতা!

আয়ুবেৰ্দত নহৰুৰ বিশেষ ভূমিকা আছে। নিয়মীয়াকৈ ১/২ কোহ কেঁচা নহৰু খোৱাটো আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। নহৰুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

প্ৰতি দিনে পুৱা ১/২ কোহ নহৰু গৰম পানীৰ লগত খালে শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। শৰীৰত তেজ পৰিশোধন হয়। ছাল সতেজ হয়। শৰীৰৰ তেজ চলাচল প্ৰক্ৰিয়া সঠিক ভাবে ৰাখে। অপকাৰী কলেষ্টৰল কম কৰে, হৃদযন্ত্ৰ সুস্থ ৰাখে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। নহৰুৱে হজম শক্তি বঢ়ায় । পেটফুলা, আভোক , এচিডিটি, গেছ আদি নোহোৱা কৰে। ডায়েবেটিছ ৰোগীৰ বাবেও নহৰু উপকাৰী। নহৰু পিচি লগালে খৰ-খজুৱতিত উপকাৰ পোৱা যায়। ১/২ কোহ নহৰুৰ লগত অকনমান নেমুৰ ৰস মিহলাই খালে শৰীৰৰ ক্লান্তি ভাৱ নোহোৱা হয়। নিশা শোৱাৰ পূৰ্বে ১/২ কোহ নহৰু মৌ ৰসৰ সৈতে খালে টোপনি অনাত সহায় কৰে । প্ৰতিদিনে ১/২ কোহ কেঁচা নহৰু খালে সঘনাই হৈ থকা পানীলগা জ্বৰ-কাহ প্ৰতিৰোধ হয়। গৰু-ঘিউৰ লগত দুকোহমান নহৰু খালে বাত বিষ কম হয় ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...