এন্দুৰে কামুৰিলে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীক, লগে লগে হাস্পতালত ভৰ্তি

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বান্দা ভ্ৰমণলৈ যোৱাৰ সময়তে অঘটন। তৃণমূল পৰ্যায়ত চৰকাৰী কামকাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যে যোৱাৰ সময়তে এগৰাকী মন্ত্ৰীক কামুৰিলে নিগনিয়ে। উত্তৰ প্ৰদেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী গিৰীশ চন্দ্ৰ যাদৱ এক অনাহুত পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয়। নিগনিয়ে কামুৰাৰ পিছতে অসুস্থ হৈ পৰাত ততালিকে ভৰ্তি কৰোৱা হয় হাস্পতালত। উত্তৰ প্ৰদেশৰ মাওৱাই বাইপাছৰ কাষত থকা আৱৰ্ত ভৱনত নিশা কটাইছিল মন্ত্ৰীগৰাকীয়ে। শেষ নিশা তেওঁক হঠাতে কিবা এটাই হাতত কামোৰা বুলি অনুভৱ কৰে আৱৰ্ত ভৱনত। পিছত সোঁহাতত এন্দুৰ জাতীয় কিবা প্ৰাণীয়ে কামোৰা দাগ দেখা পায়। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশ পালন কৰিবলৈ গৈ সন্মুখীন হোৱা এনে পৰিস্থিতিয়ে চাঞ্চল্যকৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...