সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰিলে ২৩ বছৰীয়া যুৱকে!

ৰাজ্যত পুনৰ জঘন্য ধৰ্ষণকাণ্ড৷ ১২ বছৰ বয়সীয়া সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ লম্পট যুৱকৰ৷ বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত মায়ংপাৰাত সংঘটিত হৈছে এই ঘটনা৷ ৰতন সূত্ৰধৰ নামত ২৩ বছৰীয়া যুৱকে সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ৷ ভোক্তভোগী ছাত্ৰীৰ বায়েকে দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে লম্পট যুৱকক৷ গোৱৰ্দ্ধনা আৰক্ষী থানাত 61/22 নম্বৰত গোচৰ ৰুজু কৰি 328 IPC RWC sec-4 Pocso আইনৰ আধাৰত জেল হাজোতলৈ প্ৰেৰণ কৰে৷ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...