কালিও জব্দ হৈছিল, আজিও একেটা ঘৰতে জব্দ ড্ৰাগছ! ৬০ বছৰীয়া ডিম্বেশ্বৰ দলেৰ ঘৰত ড্ৰাগছৰ সাম্ৰাজ্য

ড্ৰাগছৰ ৰামৰাজ্যলৈ পৰিণত হৈছে নেকি চিলাপথাৰ? চিলাপথাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিতত নতুন মিচিং গাঁৱৰ ডিম্বেশ্বৰ দলেৰ ঘৰত অভিযান চলাই হেৰ’ইন জব্দ কৰাৰ লগতে এখন বগা ৰঙৰ এল্ট’ বাহন জব্দ কৰাৰ ঘটনাৰ মাৰ নৌযাওঁতে পুনৰ সন্ধিয়া ডিম্বেশ্বৰ দলেৰ ঘৰত অভিযান চলাই ৭৬ গ্ৰাম ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় চাৰি লাখ টকাৰ হ’ব। আৰক্ষীয়ে ৬০ বছৰীয়া ডিম্বেশ্বৰ দলেৰ লগতে ধনেশ্বৰ দলে আৰু পংকজ দলে নামৰ দুজন লোককো আটক কৰিছে। চিলাপথাৰত ড্ৰাগছৰ এক বিশাল ঘাটী থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ড্ৰাগছমুক্ত চিলাপথাৰ কৰাৰ বাবে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিব বুলি সদৰি কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...