মৰ্মান্তিক! ঈদ উদযাপন কৰিবলৈ গৈ নাপালেগৈ ঘৰ, আদবাটতে দুৰ্ঘটনাত মৃত্যু ৩ শ্ৰমিকৰ

ঈদ উদযাপনৰ বাবে নিজ ঘৰলৈ যোৱাৰ সময়ত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনি জন লোকে। মৰ্মান্তিক এই পথ দুৰ্ঘটনা সংঘটিত হৈছে মিজোৰামৰ পশ্চিম পাইলেন বাইপাছত৷ মিজোৰামৰ পৰা ঘৰলৈ যোৱাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু কাছাৰৰ ভাগা জামালপুৰৰ ৩জন লোকৰ৷ নিয়ন্ত্ৰণ হেৰুৱাই এখন মিনি ট্ৰাক প্ৰায় এক কিলোমিটাৰ তলত খাৱৈত পৰি মৃত্যু হয় ট্ৰাকখনৰ চালক আৰু সহচালকৰ সৈতে তিনিজনৰ৷ মৃতকেইজন কাছাৰৰ ভাগা জামালপুৰৰ ৰমিজ উদ্দিন লস্কৰ, ৰিপন আহমেদ লস্কৰ আৰু খলিল উদ্দিন৷ কৰ্মসূত্ৰে এই তিনিওজন মিজোৰামত আছিল৷ এখন মিনি ট্ৰাকেৰে যোৱাৰ সময়তে মিজোৰামৰ ৱেষ্ট পাইলেন বাইপাছত মিনি ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ তলত খাৱৈত বাগৰি পৰে৷ স্থানীয় লোকসকলৰ সহযোগত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ এই ঘটনাৰ পাছত কাছাৰৰ ভাগাত এক শোকাকুল পৰিস্থিতিৰ সৃষ্টি হৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...