মৰ্মান্তিক! ঈদ উদযাপন কৰিবলৈ গৈ নাপালেগৈ ঘৰ, আদবাটতে দুৰ্ঘটনাত মৃত্যু ৩ শ্ৰমিকৰ

ঈদ উদযাপনৰ বাবে নিজ ঘৰলৈ যোৱাৰ সময়ত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনি জন লোকে। মৰ্মান্তিক এই পথ দুৰ্ঘটনা সংঘটিত হৈছে মিজোৰামৰ পশ্চিম পাইলেন বাইপাছত৷ মিজোৰামৰ পৰা ঘৰলৈ যোৱাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু কাছাৰৰ ভাগা জামালপুৰৰ ৩জন লোকৰ৷ নিয়ন্ত্ৰণ হেৰুৱাই এখন মিনি ট্ৰাক প্ৰায় এক কিলোমিটাৰ তলত খাৱৈত পৰি মৃত্যু হয় ট্ৰাকখনৰ চালক আৰু সহচালকৰ সৈতে তিনিজনৰ৷ মৃতকেইজন কাছাৰৰ ভাগা জামালপুৰৰ ৰমিজ উদ্দিন লস্কৰ, ৰিপন আহমেদ লস্কৰ আৰু খলিল উদ্দিন৷ কৰ্মসূত্ৰে এই তিনিওজন মিজোৰামত আছিল৷ এখন মিনি ট্ৰাকেৰে যোৱাৰ সময়তে মিজোৰামৰ ৱেষ্ট পাইলেন বাইপাছত মিনি ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ তলত খাৱৈত বাগৰি পৰে৷ স্থানীয় লোকসকলৰ সহযোগত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ এই ঘটনাৰ পাছত কাছাৰৰ ভাগাত এক শোকাকুল পৰিস্থিতিৰ সৃষ্টি হৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...