২ পুত্ৰৰ কাজিয়া ভাঙিবলৈ গৈ পুত্ৰৰ হাততে প্ৰাণ গ’ল পিতৃৰ, ঈদ উদযাপন কৰা নহ’ল নুৰ মহম্মদ আলীৰ!

ঈদৰ আনন্দৰ মাজতে চাঞ্চল্যকৰ ঘটনা। পুত্ৰৰ হাতত প্ৰাণ গ’ল ৭০ বছৰীয়া বৃদ্ধ পিতৃৰ৷ দুই পুত্ৰৰ মাজত লগা কাজিয়া ভাঙিবলৈ গৈ পুত্ৰৰ হাততে প্ৰাণ গ’ল পিতৃৰ৷ বৰপেটাৰ কেওটকুছিৰ সমীপৰ পুঠিমাৰী গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা৷ মৃত লোকজনৰ নাম নুৰ মহম্মদ আলী৷ দুই পুত্ৰ আছাদুল আলী আৰু ছদিদুল আলীৰ মাজত টকাক লৈ কাজিয়াৰ সূত্ৰপাত ঘটিছিল। আছাদুলে কনিষ্ঠ ভাতৃৰ পৰা বিচাৰিছিল ১ হাজাৰ টকা, পিছে ভাতৃ ছহিদুলে ককায়েকক দিছিল ৫০০ টকা৷ ইয়াকে লৈ দুই ভাতৃৰ মাজত লগা কাজিয়া ভাঙিবলৈ যোৱাত বৃদ্ধ পিতৃৰ অণ্ডকোষত জ্যেষ্ঠ পুত্ৰ আছাদুলে গোৰ মাৰি দিয়াৰ ফলত বৃদ্ধ পিতৃয়ে থিতাতে প্ৰাণ হেৰুৱায়৷ ঈদৰ আনন্দৰ মাজতে এহেজাৰ টকাৰ বাবে দুই ভাতৃৰ মাজৰ কাজিয়া ভাঙিবলৈ যোৱা বৃদ্ধ পিতৃৰ এনে শোকাৱহ মৃত্যুৰ ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ সম্প্ৰতি দুই ভাতৃ পলাতক হৈ আছে৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...