কিতাপ দিয়াৰ অচিলাৰে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন, নিলম্বিত লাইব্ৰেৰীয়ান আব্দুল ৰহিম!

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই নিলম্বিত লাইব্ৰেৰীয়ান আব্দুল ৰহিম। গোৱালপাৰা জিলাৰ আমবাৰীস্থ শিমলাবাৰী হাইস্কুলত সংঘটিত হৈছে জঘন্য, লজ্জাজনক ঘটনা। বিদ্যালয়খনৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক যৌন আতিশয্য চলাই নিলম্বিত লাইব্ৰেৰীয়ান। অভিযোগ অনুসৰি, বিদ্যালয়খনৰ লাইব্ৰেৰীয়ান আব্দুল ৰহিমে বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক কিতাপ দিয়াৰ ছলনাৰে বিদ্যালয়তে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। ছাত্ৰীগৰাকীৰ লিখিত অভিযোগৰ ভিত্তিত প্ৰধান শিক্ষকে বিষয়টো লিখিতভাবে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক অৱগত কৰোৱাত অভিযুক্ত লাইব্ৰেৰীয়ান আব্দুল ৰহিমক তাৎক্ষনিকভাবে চাকৰিৰ পৰা নিলম্বিত কৰে। অভিযোগ অনুসৰি, ইয়াৰ পূৰ্বেও বহু ছাত্ৰীক অশালীন আচৰণ কৰাৰো অভিযোগ উত্থাপিত হৈছে আব্দুল ৰহিমৰ বিৰুদ্ধে। ইপিনে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। চাকৰিৰ পৰা নিলম্বিত হৈ অঞ্চলটোৰ একাংশ দেৱানী মাতাহ্বৰৰ সহযোগত ভুক্তভোগীক প্ৰায় ৭০ হাজাৰ টকা আদায় দি দো মুক্ত হোৱাৰ চেষ্টা চলাইছে আব্দুল ৰহিমে। কিশোৰী ছাত্ৰীক যৌন নিৰ্যাতন চলাই নিলম্বিত হোৱা লাইব্ৰেৰীয়ান আব্দুল ৰহিমক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...