আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিলে ড্ৰাগছ মাফিয়া পাপু ওৰফে আৰিফুদ্দিন আহমেদক

আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিলে ড্ৰাগছ মাফিয়া পাপু ওৰফে আৰিফুদ্দিন আহমেদক। আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। হাজোৰ বিহদিয়াত আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰ’ইন। লগতে আৰক্ষীৰ জালত মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া পাপু ওৰফে আৰিফুদ্দিন আহমেদ। নিশাৰ ভাগত আৰক্ষীয়ে খেদি খেদি আটক কৰিবলৈ সক্ষম হৈছে কুখ্যাত ড্ৰাগছ মাফিয়াটোক। লগতে আৰক্ষীয়ে মাফিয়াটোৰ ঘৰত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে ৮টাকৈ হেৰ’ইন ভৰ্তি পেকেট। জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৩ লক্ষাধিক টকা। দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি সমগ্ৰ উত্তৰ কামৰূপত ড্ৰাগছৰ বেহা চলাই আহিছিল আৰিফুদ্দিন আহমেদে। হাজো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এমব্ৰাৱেল দৈমাৰীৰ নেতৃত্বত চলিছিল এই অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...