আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিলে ড্ৰাগছ মাফিয়া পাপু ওৰফে আৰিফুদ্দিন আহমেদক

আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিলে ড্ৰাগছ মাফিয়া পাপু ওৰফে আৰিফুদ্দিন আহমেদক। আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। হাজোৰ বিহদিয়াত আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰ’ইন। লগতে আৰক্ষীৰ জালত মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া পাপু ওৰফে আৰিফুদ্দিন আহমেদ। নিশাৰ ভাগত আৰক্ষীয়ে খেদি খেদি আটক কৰিবলৈ সক্ষম হৈছে কুখ্যাত ড্ৰাগছ মাফিয়াটোক। লগতে আৰক্ষীয়ে মাফিয়াটোৰ ঘৰত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে ৮টাকৈ হেৰ’ইন ভৰ্তি পেকেট। জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৩ লক্ষাধিক টকা। দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি সমগ্ৰ উত্তৰ কামৰূপত ড্ৰাগছৰ বেহা চলাই আহিছিল আৰিফুদ্দিন আহমেদে। হাজো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এমব্ৰাৱেল দৈমাৰীৰ নেতৃত্বত চলিছিল এই অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...

কোন হ’ব মন্ত্ৰী ? ১২ জনীয়া মন্ত্ৰীসভাত সোমাব আৰু কাৰ কাৰ নাম ?

✒️ মুন গোস্বামী জুন মাহৰ প্ৰথম সপ্তাহতে হিমন্ত 2.0 মন্ত্ৰীসভাৰ...

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...