যাত্রীবাহী বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ, আহত আব্দুল হান্নান আৰু বিল্লাল্ল উদ্দিন

ঈদৰ প্ৰকমুহূৰ্তত ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ধিঙত পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈছে দুজন লোক। নগাঁও-ভূৰাগাঁও সংযোগী পথত এখন AS-12E-2572 নম্বৰৰ যাত্রীবাহী বাছ আৰু এখন AS-21F-2346 নম্বৰৰ বাইকৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত আব্দুল হান্নান আৰু বিল্লাল্ল উদ্দিন নামৰ দুজন বাইক আৰোহী দুজন আহত হৈছে। আহত লোক দুজনৰ ঘৰ ধিঙৰ ম’হখুঁটিত। ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে যাত্রীবাহী বাছসহ চালকজনে। আহত দুয়োজনকে ভৰ্তি কৰোৱা হৈছে ধিং হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা...

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...