গাড়ী চলাই থাকোঁতে টোপনিত লালকাল ড্ৰাইভাৰ, নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথৰ দাঁতিত থকা তামোল গছত!

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা তামোল গছত খুন্দিয়ালে চুইফট ডিজিয়াৰ বাহনখনে। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। উল্লেখযোগ্য যে, বৰপেটা ৰোডৰ পৰা কলগাছিয়া হৈ ৰঙাপানীলৈ গৈ থকা অৱস্থাত AS 15 F 4503 নম্বৰৰ তীব্ৰবেগী চুইফট ডিজায়াৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বালাৰপাথাৰৰ এজোপা তামোল গছত খুন্দা মাৰে। ফলত বাহনখন বিধ্বস্ত হৈ পৰাৰ লগতে কথমপি চালকৰ প্ৰাণৰক্ষা পৰে। স্থানীয় ৰাইজে সদৰি কৰা অনুসৰি বাহনখন তীব্ৰবেগে গৈ থকা অৱস্থাত চালকে টোপনি যোৱা বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...