গাড়ী চলাই থাকোঁতে টোপনিত লালকাল ড্ৰাইভাৰ, নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথৰ দাঁতিত থকা তামোল গছত!

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা তামোল গছত খুন্দিয়ালে চুইফট ডিজিয়াৰ বাহনখনে। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। উল্লেখযোগ্য যে, বৰপেটা ৰোডৰ পৰা কলগাছিয়া হৈ ৰঙাপানীলৈ গৈ থকা অৱস্থাত AS 15 F 4503 নম্বৰৰ তীব্ৰবেগী চুইফট ডিজায়াৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বালাৰপাথাৰৰ এজোপা তামোল গছত খুন্দা মাৰে। ফলত বাহনখন বিধ্বস্ত হৈ পৰাৰ লগতে কথমপি চালকৰ প্ৰাণৰক্ষা পৰে। স্থানীয় ৰাইজে সদৰি কৰা অনুসৰি বাহনখন তীব্ৰবেগে গৈ থকা অৱস্থাত চালকে টোপনি যোৱা বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...