মাৰ্চ মাহত WhatsApp-এ নিষিদ্ধ কৰিলে ১৮ লাখ ভাৰতীয় একাউণ্ট, তালিকাত আপোনাৰো নাম আছে নেকি?

মাৰ্চ মাহত WhatsApp-এ নিষিদ্ধ কৰিছে ১৮ লাখৰো অধিক ভাৰতীয় একাউণ্ট। ২০২১ চনৰ নতুন IT অধিনিয়ম অনুসৰি ১৮ লাখৰো অধিক গ্ৰাহকৰ একাউণ্ট বেন কৰিছে প্ৰতিষ্ঠানটোৱে। ফেব্ৰুৱাৰী মাহতো ১৪ লাখ একাউণ্ট নিষিদ্ধ কৰিছিল। এমাহতে WhatsApp-এ ৫৯৭টা গ্ৰিভেঞ্চ ৰিপৰ্ট লাভ কৰাৰ লগে লগে ইয়াৰ ওপৰত বিচাৰ বিবেচনা কৰি ৭৪টা একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে, মাৰ্চ মাহত সমগ্ৰ বিশ্বৰ ১.৮ মিলিয়ন একাউণ্ট নিষিদ্ধ কৰিছে WhatsApp-এ। প্ৰতিষ্ঠানটোৰ বিভিন্ন বিধি উলংঘাৰ অভিযোগত নিষিদ্ধ হৈছে এই একাউণ্টসমূহ।
উল্লেখ্য যে, ভাৰত চৰকাৰে ২০২১ চনৰ ২৬ মে’ত নতুন তথ্য প্ৰযুক্তি নিয়ম প্ৰৱৰ্তন কৰিছিল। নতুন আইটি নিয়মৰ অধীনত প্ৰতি মাহে প্ৰতিবেদন প্ৰকাশ কৰাটো প্ৰয়োজন। এই নিয়ম অনুসৰি ৫০ লাখতকৈ অধিক ব্যৱহাৰকাৰী থকা যিকোনো ডিজিটেল প্লেটফৰ্মে প্ৰতিমাহে অনুপালন প্ৰতিবেদন প্ৰকাশ কৰিব লাগিব। প্ৰতিবেদনত প্ৰাপ্ত অভিযোগ আৰু সেইবোৰৰ আধাৰত লোৱা পদক্ষেপবোৰ অৱগত কৰিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...