মাৰ্চ মাহত WhatsApp-এ নিষিদ্ধ কৰিলে ১৮ লাখ ভাৰতীয় একাউণ্ট, তালিকাত আপোনাৰো নাম আছে নেকি?

মাৰ্চ মাহত WhatsApp-এ নিষিদ্ধ কৰিছে ১৮ লাখৰো অধিক ভাৰতীয় একাউণ্ট। ২০২১ চনৰ নতুন IT অধিনিয়ম অনুসৰি ১৮ লাখৰো অধিক গ্ৰাহকৰ একাউণ্ট বেন কৰিছে প্ৰতিষ্ঠানটোৱে। ফেব্ৰুৱাৰী মাহতো ১৪ লাখ একাউণ্ট নিষিদ্ধ কৰিছিল। এমাহতে WhatsApp-এ ৫৯৭টা গ্ৰিভেঞ্চ ৰিপৰ্ট লাভ কৰাৰ লগে লগে ইয়াৰ ওপৰত বিচাৰ বিবেচনা কৰি ৭৪টা একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে, মাৰ্চ মাহত সমগ্ৰ বিশ্বৰ ১.৮ মিলিয়ন একাউণ্ট নিষিদ্ধ কৰিছে WhatsApp-এ। প্ৰতিষ্ঠানটোৰ বিভিন্ন বিধি উলংঘাৰ অভিযোগত নিষিদ্ধ হৈছে এই একাউণ্টসমূহ।
উল্লেখ্য যে, ভাৰত চৰকাৰে ২০২১ চনৰ ২৬ মে’ত নতুন তথ্য প্ৰযুক্তি নিয়ম প্ৰৱৰ্তন কৰিছিল। নতুন আইটি নিয়মৰ অধীনত প্ৰতি মাহে প্ৰতিবেদন প্ৰকাশ কৰাটো প্ৰয়োজন। এই নিয়ম অনুসৰি ৫০ লাখতকৈ অধিক ব্যৱহাৰকাৰী থকা যিকোনো ডিজিটেল প্লেটফৰ্মে প্ৰতিমাহে অনুপালন প্ৰতিবেদন প্ৰকাশ কৰিব লাগিব। প্ৰতিবেদনত প্ৰাপ্ত অভিযোগ আৰু সেইবোৰৰ আধাৰত লোৱা পদক্ষেপবোৰ অৱগত কৰিব লাগিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...