বিশিষ্ট সমাজ কৰ্মী তথা ক্ৰীড়ানুৰাগী ৰঞ্জন তালুকদাৰৰ ইহলীলা সম্বৰণ

আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী খেলুৱৈ অৰ্জুন জয়ন্ত তালুকদাৰৰ পিতৃ বিশিষ্ট সমাজ কৰ্মী তথা ক্ৰীড়ানুৰাগী ৰঞ্জন তালুকদাৰে আজি ইং ২৭-০৪-২০২২তাৰিখ বুধবাৰে ইহলীলা সম্বৰণ কৰে। বিশিষ্ট সমাজ কৰ্মী তথা ক্ৰীড়ানুৰাগী গৰাকীৰ মৃত্যুত অসম অলিম্পিক সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে। লগতে পাঞ্জাবাৰী শ্মশানত উপস্থিত হৈ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ আৰু উপ সভাপতি জয়ন্ত বড়োৱে প্ৰয়াত তালুকদাৰৰ নশ্বৰদেহত অসম অলিম্পিক সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উপ সভাপতি আৰু সম্পাদকদ্বয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...