পুটিনৰ দুবাহুত প্ৰমিথিউছৰ শক্তি

✒️অচিন্ত্য শৰ্মা

ৰুছ ইউক্ৰেইন যুদ্ধ ক্ৰমাৎ দীঘলীয়া হৈ যোৱাৰ লগে লগে যুদ্ধখনত প্ৰয়োগ হ’বলৈ লৈছে অধিকৰ পৰা অধিকতৰ ঘাতক যুদ্ধস্ত্ৰ। বিশেষকৈ যুদ্ধখনত যিমানেই ইউক্ৰেইনৰ পক্ষত আমেৰিকা আৰু মাৰ্কিনপন্থী অন্যান্য শক্তিবোৰ জড়িত হৈ পৰিছে, সিমানেই ৰুচিয়াইও আহৰণ কৰিব লৈছে এটাৰ পিছত আন এটাকৈ ন-ন হাথিয়াৰ। ইতিমধ্যে পুটিনৰ হাতত আজিৰ বিশ্বৰ সৰ্বাটোতকৈ শক্তিশালী ছাৰমেট আন্তঃমহাদেশীয় ক্ষেপনাস্ত্ৰ আহি পৰাৰ বাতৰিয়ে বিভিন্নজনক উদ্বিগ্ন কৰি তুলিছে। এইবাৰ আহিছে ৰুছিয়াই আজিৰ বিশ্বৰ সৰ্বাটোতকৈ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, S500 প্ৰমিথিউছ ব্যপক মাত্ৰাত উত্পাদনৰ বাবে সিদ্ধান্ত লোৱাৰ বাতৰি।

দৰাচলতে যুদ্ধখনত নাটো শক্তিৰ প্ৰত্যক্ষ-প্ৰৰোক্ষ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ লগে লগে বৃদ্ধি পাইছে ৰুছিয়াৰ মূল ভূখণ্ডত ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণ চলাৰ আশংকাও। ৰুচ সমৰ বিশেষজ্ঞ সকলৰ ধাৰণা অনুসৰি যদি এনে এক প্ৰত্যাক্ৰমণপৰ্ব আৰম্ভ হয়, তেন্তে সেই পৰ্ব আৰম্ব হ’ব আকাশী পথেৰে। তদুপৰি উত্তেজনাৰ চূড়ান্ত মূহূৰ্তত যদি ৰুচিয়া আৰু নাটো সমুখ সমৰত লিপ্ত হৈ পৰে তেনেহ’লে ৰুছিয়াৰ ওপৰত নাটোৰ কিমান অক্ৰমণো অৱশ্যম্ভাৱী। ইতিমধ্যে বুধবাৰে হঠাৎ ৰুচ ভূখণ্ডত একাধিক বিস্ফোৰণ ঘটাৰ কেতবোৰ বাতৰি পোহৰলৈ আহিছে।

এনে পেক্ষাপটতে এতিয়া মস্কো মহল তত্পৰ হৈ উঠিছে ৰুছ আকাশসীমা অভেদ্য কৰি তোলাৰ বাবে। আৰু এইক্ষেত্ৰত তেওঁলোকৰ প্ৰধান অবলম্বণ হৈছে S500 প্ৰমিথিউছ বায়ু প্ৰতিৰক্ষা প্ৰণালী বা ব্যৱস্থা। এইখিনিতে প্ৰশ্ন হয়, S500 প্ৰমিথিউছ বায়ু প্ৰতিৰক্ষা প্ৰণালী বা ব্যৱস্থা?

দীৰ্ঘদিনৰ গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ অন্তত ৰুছ বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলে বিকিশাই তোলা বৰ্তমানৰ পৃথিবীৰ আটাইতকৈ শক্তিশালী তথা দক্ষ বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ হৈছে S500। এই প্ৰণালীৰ পূৰ্বসুৰী S300 আৰু S400 তকৈ হাজাৰ গুণ শক্তিশালী S500 বায়ু প্ৰতিৰক্ষা প্ৰণালী। লক্ষ্যণীয় ভাবে S400 বায়ু প্ৰতিৰক্ষা প্ৰণালীকে যথেষ্ট ভয় কৰি চলে আমেৰিকাকে ধৰি প্ৰতিখন দেশৰে অতি শক্তিশালী বিমান বাহিনীবোৰে। এনে অৱস্থাত S400 তকৈ উন্নততৰ S500 প্ৰণালীয়ে ৰুছিয়াক যিকোনো আকাশী আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ব বুলি দৃঢ় বিশ্বাসী হৈছে ভ্লাদিমিৰ পুটিন। কিয়নো S500 প্ৰমিথিউছ বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ ৰাডাৰে তিনিহাজাৰ কিলোমিটাৰ দূৰৈতে চিনাক্ত কৰিব পাৰে ৰুছিয়া অভিমুখী শত্ৰুপক্ষৰ ক্ষেপনাস্ত্ৰ, বিমান আৰু অন্য যিকোনো হষ্টাইল প্ৰজেক্টাইলছক। আনহাতে ইয়াৰ লগত সংলগ্ন ক্ষেপনাস্ত্ৰই ৬০০ কিলোমিটাৰ দূৰৈতে আঘাত হানি ধ্বংস কৰি দিব পাৰে নিজৰ লক্ষ্যক। দ্ৰুত গতিত এঠাইৰ পৰা আন এঠাইলৈ নিব পৰা S500 প্ৰণালীৰ সহাঁৰি সময়ো অবিস্বাস্যভাবে কম। ৰাডাৰত শত্ৰুপক্ষৰ গতিবিধি ধৰাপৰাৰ চাৰি চেকেণ্ডৰ ভিতৰতে ইয়াৰ ক্ষেপনাস্ত্ৰ সক্তিয় হৈ উঠে আৰু প্ৰতি ছেকেণ্ডতে ১১ কিলোমিটাৰ দ্ৰুতিৰে এই ক্ষেপনাস্ত্ৰই গতি কৰে নিজৰ লক্ষ্যৰ অভিমুখে।

S500 প্ৰমিথিউছ বায়ু প্ৰতিৰক্ষা প্ৰণালীক ভেদ কৰিব নোৱাৰে কোনো বিমান বা ক্ষেপনাস্ত্ৰই। আনকি সকলোধৰণৰ ষ্টেলথ বিমান আৰু হাইপাৰছোনিক ক্ষেপনাস্ত্ৰকো ধ্বংস কৰিবলৈ সক্ষম S500 প্ৰমিথিউছ। বহুক্ষেত্ৰত নিম্ন কক্ষপথেৰে ঘূৰি থকা শত্ৰুৰ কৃত্ৰিম উপগ্ৰহও হ’ব পাৰে S500 ৰ সফল লক্ষ্য।

বিগত ২০২১ চনৰ জুলাই মাহত প্ৰথমটো সফল পৰীক্ষণ সম্পন্ন কৰাৰ পিছত এই প্ৰণালীৰ সীমিত পৰীক্ষণ সম্পন্ন কৰা পিছত এই প্ৰণালীৰ সিমীত উত্পাদন কৰা হৈছিল আৰু বহুওৱা হৈছিল মস্কো আৰু ৰুছিয়াৰ কেন্দ্ৰীয় ঔদ্যোগীক অঞ্চলৰ আশে-পাশে। এতিয়া ইউক্ৰেইন যুদ্ধৰ পৰিবৰ্তিত পৰিস্থিতিৰ পৰিপেক্ষিতত পুটিনৰ সিদ্ধান্ত, S500 প্ৰমিথিউছ বায়ু প্ৰতিৰক্ষা প্ৰণালী ব্যাপকভাবে উত্পাদন কৰা হ’ব আৰু সমগ্ৰ ৰুছিয়াকে দিয়া হ’ব এই প্ৰণালীৰ সুৰক্ষাকবচ’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিয়ানাৰ টেনিছ খেলুৱৈ ৰাধিকাক কিয় হত্যা কৰিলে পিতৃয়ে?

কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰাৰ কটাক্ষই দীপক যাদৱৰ আত্মসন্মানত...

ৰিজাৰ্ভ বেংকে ক’লে ‘অবৈধ নহয়’; ২০০০ টকীয়া নোট এতিয়াও আছে নেকি? তেন্তে কি কৰিব?

২০২৩ চনত ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা...

এইবাৰ ভাৰতীয় ৰে’লৱেৰ বাবে কাম কৰিব TATAই, চুক্তি স্বাক্ষৰিত

টাটা অটো-কম্প চিষ্টেমছ আৰু ইউৰোপৰ স্কোডা গ্ৰুপে এখন নতুন...

বছৰি ১৫ হাজাৰ টকা দিব EPFOই; কৰ্মচাৰীক সকাহ দিয়াৰ বাবে চৰকাৰে আৰম্ভ কৰিলে নতুন আঁচনি!

চাকৰিজীৱীসকলৰ বাবে অলপ সকাহৰ খবৰ। তেওঁলোকৰ বাবে এইবাৰ এখন...