ক’ভিডে পিষ্ট কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৪ মহীয়া বিশেষ পাঠদানৰ সুযোগ

ক’ভিডৰ বাবে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধাগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ বাবে জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ। ক’ভিড পৰিস্থিতিৰ কাৰণে গুণগত শিক্ষা তথা বিদ্যালয়ৰ সৈতে ব্যৱধান ঘটা ছাত্ৰ-ছাত্ৰীসকলক পুনৰ বিদ্যালয়মুখী কৰি ৪ মাহ বিশেষ পাঠদানৰ ব্যৱস্থাৰে অসমৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে শুভাৰম্ভ কৰিলে “প্ৰজেক্ট কেচ্ আপ” আঁচনিৰ। আজি চিৰাঙত শিক্ষা বিভাগৰ অভিনৱ “প্ৰজেক্ট কেচ্ আপ” আঁচনিৰ শুভ উদ্বোধন কৰিলে জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। বিগত দুটা বছৰত ক’ভিড পৰিস্থিতিৰ কাৰণে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈ এটা সময়ত শিক্ষানুষ্ঠানৰ পৰা ব্যবধান ঘটা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক পুনৰ গুণগত শিক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে শিক্ষা বিভাগে এই অভিনৱ “প্ৰজেক্ট কেচ্ আপ” আঁচনি গ্ৰহণ কৰিছিল ।
পূৰ্বৰে পৰা গুণগত শিক্ষাৰ দিশত পিছপৰা জিলা হিচাপে চিহ্নিত চিৰাং জিলাত আজি জিলা প্ৰশাসনৰ উদ্যোগত চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানৰ জৰিয়তে এই “প্ৰজেক্ট কেচ্ আপ”ৰ শুভাৰম্ভ কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। প্ৰজেক্ট কেচ্ আপ আঁচনিৰ জৰিয়তে ক’ভিড পৰিস্থিতিৰ কাৰণে শিক্ষা তথা বিদ্যালয়ৰ লগত ব্যৱধান ঘটা ছাত্ৰ-ছাত্ৰীসকলক পুনৰ বিদ্যালয় মুখী কৰি তেওঁলোকে অধ্যয়ন কৰা বিদ্যালয়তে ৪ মাহ বিশেষ পাঠদান কৰা কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে উদ্বোধনী ভাষণত সদৰি কৰে। আজিৰ এই “প্ৰজেক্ট কেচ্ আপ” আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত জিলা খনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়া ববীয়া উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ৰাজ্যসভাৰ নৱনিৰ্বাচিত সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, BTCৰ পাৰিষদ মাধৱ ছেত্ৰী, উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বিজনীৰ মহকুমাধিপতি ৰাহুল গুপ্তাৰ লগতে শিক্ষা জগতৰে জড়িত বহু ব্যক্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...