ৰাজ্যত পুনৰ চুৰিকাণ্ড। এইবাৰ উচ্চ শিক্ষানুষ্ঠানত চোৰৰ টিঘিলঘিলনি। হাটশিঙিমাৰী মহাবিদ্যালয়ত চোৰৰ চাফাই অভিযান। নিশা অধ্যক্ষৰ কোঠাৰ পৰা চোৰে লুটিলে দুটা কম্পিউটাৰ, ইনভাৰ্টাৰসহ প্ৰায় ১০ লক্ষাধিক টকাৰ সামগ্ৰী। অধ্যক্ষৰ কোঠাৰ খিৰিকী ভাঙি চোৰ সোমাইছিল ভিতৰত। ঘটনা সন্দৰ্ভত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে অনুসন্ধান।
