পৌৰ নিৰ্বাচনত ৫৩.০২ % লোকৰহে ভোটদান, চাৰিদিনীয়া বন্ধ পালন কৰি ভোটলৈ পিঠি দিলে নেকি?

অৱশেষত জল্পনা-কল্পনাৰ অৱসান ঘটাই সম্পন্ন হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। বহুপ্ৰতীক্ষিত ৰাজধানী চহৰখনৰ পৌৰ নিগমৰ বাবে প্ৰশাসনে ব্যাপক প্ৰস্তুতি গঢ়ি তুলিছিল। পুৱাৰে পৰা প্ৰতিটো ভোটকেন্দ্ৰত গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা বেষ্টনী। প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিলে অসম জাতীয় পৰিষদ আৰু আম আদমী পাৰ্টীৰ প্ৰাৰ্থীয়ে। সমান্তৰালভাবে বিজেপি, অগপ আৰু কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাৰ বিপৰীতে দেখা নগল ৰাইজৰ দল আৰু AIUDFৰ প্ৰাৰ্থী। যিদৰে ব্যাপক প্ৰচাৰ চলোৱা হৈছিল, প্ৰচাৰত ৰথী-মহাৰথী নামি পৰিছিল সেইদৰে ভোটাৰৰ উত্সাহ পৰিলক্ষিত নহল নিৰ্বাচনত। মাত্ৰ ৫৩.০২ % লোকেহে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। কামৰূপ(ম) জিলাৰ উপায়ুক্তই সদৰি কৰা অনুসৰি ৫৩.০২ % ভোটদান কৰিলে গুৱাহাটীবাসীয়ে। আনহাতে, ২০১৩ চনত ৫৫ শতাংশ লোকে ভোটদান কৰিছিল পৌৰ নিগমৰ নিৰ্বাচনত। শাসকৰ প্ৰতি অনীহা নে বিৰোধীৰ প্ৰতি আস্থাহীনতা? গুৱাহাটী মহানগৰীৰ ভোটাৰৰ নিৰুদ্বেগ-নিৰ্বিকাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে সচেতন লোকসকলে। গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি পিঠি দি চাৰিদিনীয়া বন্ধ পালন কৰিলে নেকি গুৱাহাটীবাসীয়ে? এতিয়া সকলোৰে দৃষ্টি ফলাফললৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...