পৌৰ নিৰ্বাচনত ৫৩.০২ % লোকৰহে ভোটদান, চাৰিদিনীয়া বন্ধ পালন কৰি ভোটলৈ পিঠি দিলে নেকি?

অৱশেষত জল্পনা-কল্পনাৰ অৱসান ঘটাই সম্পন্ন হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। বহুপ্ৰতীক্ষিত ৰাজধানী চহৰখনৰ পৌৰ নিগমৰ বাবে প্ৰশাসনে ব্যাপক প্ৰস্তুতি গঢ়ি তুলিছিল। পুৱাৰে পৰা প্ৰতিটো ভোটকেন্দ্ৰত গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা বেষ্টনী। প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিলে অসম জাতীয় পৰিষদ আৰু আম আদমী পাৰ্টীৰ প্ৰাৰ্থীয়ে। সমান্তৰালভাবে বিজেপি, অগপ আৰু কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাৰ বিপৰীতে দেখা নগল ৰাইজৰ দল আৰু AIUDFৰ প্ৰাৰ্থী। যিদৰে ব্যাপক প্ৰচাৰ চলোৱা হৈছিল, প্ৰচাৰত ৰথী-মহাৰথী নামি পৰিছিল সেইদৰে ভোটাৰৰ উত্সাহ পৰিলক্ষিত নহল নিৰ্বাচনত। মাত্ৰ ৫৩.০২ % লোকেহে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। কামৰূপ(ম) জিলাৰ উপায়ুক্তই সদৰি কৰা অনুসৰি ৫৩.০২ % ভোটদান কৰিলে গুৱাহাটীবাসীয়ে। আনহাতে, ২০১৩ চনত ৫৫ শতাংশ লোকে ভোটদান কৰিছিল পৌৰ নিগমৰ নিৰ্বাচনত। শাসকৰ প্ৰতি অনীহা নে বিৰোধীৰ প্ৰতি আস্থাহীনতা? গুৱাহাটী মহানগৰীৰ ভোটাৰৰ নিৰুদ্বেগ-নিৰ্বিকাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে সচেতন লোকসকলে। গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি পিঠি দি চাৰিদিনীয়া বন্ধ পালন কৰিলে নেকি গুৱাহাটীবাসীয়ে? এতিয়া সকলোৰে দৃষ্টি ফলাফললৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...