৭৬টা চাবোনৰ বাকচত ভৰাই গাড়ীৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছ, পিছে…

প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছ জব্দ। একেলগে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। লাহৰিজানৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে AS 01 AV 3048 নম্বপ বাহনেৰে আনি থকাৰ সময়তে কলিয়াবৰ আৰক্ষীয়ে জব্দ কৰে। প্ৰায় ৮৫০ গ্ৰাম ওজনৰ ড্ৰাগছখিনি ৭৬টা চাবোনৰ বাকচত ভৰাই বাহনখনৰ ভিতৰত লুকুৱাই আনিছিল। ৰূপহী থানাৰ আৰক্ষী বিষয়া নিপু কলিতাৰ গোপন খোবৰৰ ভিত্তিত কলিয়াবৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চাবোনৰ বাকচত ড্ৰাগছ। ড্ৰাগছখিনিৰ মূল‍্য ৪-৫ কোটি টকা হব বুলি জানিবলৈ দিছে মহকুমা আৰক্ষী বিষয়া গৰাকীয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী মহিদুল ইছলাম। মহিদুলৰ পৰা ৫৭ হাজাৰ নগদ ধন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে কলিয়াবৰ আৰক্ষী থানাত উপস্থিত হৈ নগাঁও জিলা আৰক্ষী অধীক্ষকে মহিদুলক জেৰা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ শেষ বিশ্বকাপ হ’ব: বিৰাট কোহলী

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ তেওঁৰ অন্তিম বিশ্বকাপ হ’ব...

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পুনৰ মুকলি মানাহ

অহা ২ অক্টোবৰ ২০২৬ৰ পৰা পুনৰ মুকলি হ’ব মানাহ...