পেলনীয়া সামগ্ৰীৰে বেটেৰী চালিত পাংখা প্ৰস্তুত কৰিমগঞ্জৰ ৰছিদ আহমেদ খানৰ

সৃষ্টিশীল মানসিকতাৰে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি বেটেৰী চালিত পাংখা তৈয়াৰ কৰি বহুতৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে কৰিমগঞ্জৰ এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰই। মেধাৰ ক্ষেত্ৰত গ্ৰামাঞ্চলৰ শিশু কিশোৰ সকল যে চহৰৰ শিশু কিশোৰতকৈ কোনো ক্ষেত্ৰতে কম নহয়, ইয়াৰ প্ৰমাণ দাঙি ধৰিলে দক্ষিণ কৰিমগঞ্জ নিলামবজাৰ এলেকাৰ এজন কিশোৰে।

বয়স তেওঁৰ মাত্ৰ ১১ বছৰ, ১০১ নম্বৰ প্ৰেমময়ী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰাছেদ মহাম্মদ খানে নিজৰ সৃষ্টিশীল মানসিকতাৰে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰিলে বেটেৰিৰ জৰিয়তে চলা এখন ফেন। কাৰ্ড ব’ৰ্ডৰ টুকুৰাৰে, পুতলা গাড়ীৰ মটৰ আদি ব্যবহাৰ কৰি ৰিম’ট কন্টলেৰে চলা ফেন প্ৰস্তুত কৰি বহুতৰে প্ৰশংসাৰ পাত্ৰ হ’বলৈ সক্ষম হৈছে। নিলামবজাৰ এলেকাৰ কুতুব উদ্দিন খান আৰু ৰহিমা খানৰ পুত্ৰ ৰছিদ আহমেদ খানৰ এই সৃষ্টিশীল মানসিকতা প্ৰত্যক্ষ কৰি বিদ্যালয়ৰ শিক্ষক সকলেও ৰাছেদৰ উজ্বল ভবিষ্যত কামনা কৰিছে । ৰাছেদৰ মাতৃয়ে জনোৱা অনুসৰি ঘৰতে কিবা এটা কৰাৰ মানসিকতাৰে ন ন সামগ্ৰী নিৰ্মাণৰ প্ৰচেষ্টা কৰে ৰাছেদে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...