আপুনিও নৰসিংহ পাত ব্যৱহাৰ কৰেনেকি? জানেনে ইয়াৰ গুণাগুণ?

নৰসিংহ পাত অসমৰ লোকৰ অতি পৰিচিত। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল, দাক্ষিণাত্য আৰু শ্ৰীলংকাকে আদি কৰি বহু দেশতে বাৰুকৈ পৰিচিত নৰসিংহ উদ্ভিদ। উত্তৰ-পূৰ্বাঞ্চলৰ লগত অন্য ঠাইৰ নৰসিংহৰ প্ৰজাতিগত পাৰ্থক্য পৰিলক্ষিত হয়। দাক্ষিণাত্যত নৰসিংহ পাতক ‘কাৰীপতা’ নামেৰে অভিহিত কৰি নিমখীয়া প্ৰকৃতিৰ বেছিভাগ খাদ্যতে ইয়াৰ পাত ব্যৱহাৰ কৰিব দেখা পোৱা যায় । বিশেষকৈ তেওঁলোকৰ বৈশিষ্ট্যপূৰ্ণ খাদ্য, যেনে- চম্বৰ,ৰেচম,ইডলি,ডোছাত নৰসিংহক পৰিপূৰকৰ ৰুপত ব্যৱহাৰ কৰে। অসমত নৰসিংহক খাদ্য আৰু ঔষধৰ ৰূপত দীৰ্ঘদিন ধৰি ব্যৱহাৰ আহিছে। খাদ্য হিচাপে ব্যৱহাৰৰ সময়ত অসমত ইয়াৰ কোমল পাতে আগস্থান ব্যৱহাৰ কৰা হয়। নৰসিমহৰ কোমল পাত পিহা বা সিজোৱা সহজসাধ্য হোৱাৰ উপৰি ৰন্ধনতো ইন্ধনৰ ব্যয় আৰু সময়ৰ প্ৰয়োজন। কেঁচাই খোৱাৰ সময়ত ইয়াৰ কোমল পাত আদা, নহৰু আৰু জলকীয়াৰ লগত মিহলাই পিহি মগুৰ ৰুপত চাটনি কৰি খোৱা হয়। তাৰোপৰি কেঁচা পাত দাইলত দি বা তৰকাৰি কৰিও খাব পাৰি। নৰসিংহ পাত পিহি পোৱা ৰসৰ লগত কাঠমাছ, যেনে-কাৱৈ,গৰৈ,শ’ল,শাল,মাগুৰ,শিঙি আদিৰ লগত জোল কৰি খালে বহু তৃপ্তি হয়। আধুনিক গৱেষণাৰ দ্বাৰা এইটো প্ৰতিষ্ঠিত হৈছে যে, নৰসিংহৰ পাতৰ জৰিয়তে শৰীৰত কটা-ছিগা বা অস্ত্ৰোপচাৰৰ পাছত ঘা শুকুৱাত ইতিবাচক প্ৰভাৱ পৰাটো আশাব্যঞ্জক হৈ উঠিছে ।

১) ইয়াৰ পাতৰ আঞ্জা কেইদিনমান খালে গ্ৰহণী ৰোগ উপশম হয় ।
২) ইয়াৰ পাতৰ ৰসে অৰুচি আৰু বমি ভাব আঁতৰায় ।
৩) পাতৰ ৰসে তেজৰ পৰিমাণ বৃদ্ধি কৰে ।
৪) পেটৰ বিষ হ’লে চাৰি কাপ পানীত নৰসিংহ গছৰ শিপা ৫-৬ গ্ৰাম লৈ সিজাই উঠি পোৱা পানী খালে পেটৰ বিষ ভাল হয় ।
৫)পাতৰ ৰস গাত সানিলে গাৰ খজুৱতি উপশম হয় ।
৬) পেট কামুৰিলে ইয়াৰ পাতৰ ৰস আদাৰ লগত খালে কামোৰণি ভাল হয় ।
৭) দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ, পূঁজ আদি বাহিৰ হ’লে নৰসিংহৰ পাতৰ আঞ্জা খালে সকাহ পোৱা যায় ।
৮) মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হৈ পেটৰ বিষ হ’লে নৰসিংহৰ জোল খালে সকাহ পোৱা যায় ।
৯) মেদবহুলতাত ভোগা লোকে নিয়মিতভাৱে নৰসিংহৰ জোল খালে সুফল পোৱা যায় ।
১০) কীট-পতংগই কামুৰিলে বা বিষাক্ত প্ৰাণীয়ে দংশন কৰিলে আঘাতৰ স্থানত নৰসিংহৰ ৰসৰ লগত সম-পৰিমাণৰ নেমুৰস মিহলাই সঘনাই লগালে আৰাম পোৱা যায় ।
১১) নৰসিংহৰ পাত সিজাই পোৱা অৱশেষৰ লগত নাৰিকল তেল মিহলাই চুলিত ঘঁহিলে পকা চুলিৰ প্ৰাকৃতিক ৰং ঘূৰি অহাৰ অৱকাশ থাকে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...