এটা ‘অসম্ভৱ’ কাম কৰি গঢ়িলে বিশ্ব অভিলেখ! কি সেই কাম?

মনত দৃঢ় বিশ্বাস আৰু অদম্য সাহস থাকিলে অসম্ভৱ কামো সম্ভৱ কৰিব পাৰি। চকুৰে নেদেখা আমেৰিকাৰ এজন ব্যক্তি। নাম ডেন পাৰ্কাৰ। পাৰ্কাৰে ৩৩৯ কিলোমিটাৰ প্ৰতিঘন্টা তীব্ৰ বেগত গাড়ী চলাই ‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ডচ’ত নাম সন্নিবিষ্ট কৰিছে। তেওঁ ২০১২ বৰ্ষৰ ৩১ মাৰ্চত দুৰ্ঘটনা পতিত হৈ দৃষ্টি শক্তি হেৰাই পেলাইছিল। ডেনে এই বিশ্ব অভিলেখ সেইদিনা গঢ়ে যিদিনা ডেনৰ দুৰ্ঘটনা হোৱা সম্পূৰ্ণ ১০টা বছৰত ভৰি দিয়ে। ২০২২ বৰ্ষৰ ৩১ মাৰ্চ তাৰিখে ডেনে এই অভিলেখ গঢ়ি সকলোকে আচৰিত কৰি তোলে। ছচিয়েল মিডিয়াত তেওঁৰ এই বিষয়টো ভাইৰেল হৈ পৰিছে।

Watch: Blind driver breaks speed record in New Mexico - UPI.com

ডেনে নেচনেল ফেডাৰ্চন অফ দ্য ব্লাইণ্ড ড্ৰাইভ চেলেঞ্জৰ অধীনত এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই প্ৰতিযোগীতাৰ উদ্দেশ্য এটাই দৃষ্টিহীন লোকসকলক অনুপ্ৰেৰণা যোগোৱা। কাৰণ সেইসকল লোকে নিজৰ বাধাৰ প্ৰাচীৰ নেওচি নিজৰ সপোনবোৰ সাৰ্থক কৰিব পাৰে।

Blind man drives car at 339 kmph to break Guinness World Record | World News

ডেনে এই বিশ্ব ৰেকৰ্ড গঢ়িবলৈ তেওঁ নিজৰ উপযোগীকৈ এখন বিশেষ গাড়ী তৈয়াৰ কৰি লৈছিল। এই ৰেকৰ্ড গঢ়াৰ স্পেচস্পোৰ্টটো আমেৰিকাৰ ৰানৱেত নিৰ্মাণ কৰা হৈছিল। ডেনৰ ব্যৱহাৰ কৰা গাড়ীত বিশেষ প্ৰকাৰৰ অডিঅ’ নিৰ্দেশনা প্ৰণালীৰ যন্ত্ৰ স্থাপন কৰা হৈছিল। ইয়াৰ উপৰিও গাড়ী খনত GPS, কেমেৰা আৰু অত্যাধুনিক প্ৰযুক্তিৰ LIDAR ৰ ব্যৱহাৰ কৰিছে। যাৰ জড়িয়তে ৰাস্তাত অহা সকলো সমস্যাৰ উমান লাভ কৰিছিল। ডেনে বিশেষ ধৰণৰ সুৰক্ষা থকা গাড়ীৰে এই অভিলেখ গঢ়িবলৈ সক্ষম হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...