এটা ‘অসম্ভৱ’ কাম কৰি গঢ়িলে বিশ্ব অভিলেখ! কি সেই কাম?

মনত দৃঢ় বিশ্বাস আৰু অদম্য সাহস থাকিলে অসম্ভৱ কামো সম্ভৱ কৰিব পাৰি। চকুৰে নেদেখা আমেৰিকাৰ এজন ব্যক্তি। নাম ডেন পাৰ্কাৰ। পাৰ্কাৰে ৩৩৯ কিলোমিটাৰ প্ৰতিঘন্টা তীব্ৰ বেগত গাড়ী চলাই ‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ডচ’ত নাম সন্নিবিষ্ট কৰিছে। তেওঁ ২০১২ বৰ্ষৰ ৩১ মাৰ্চত দুৰ্ঘটনা পতিত হৈ দৃষ্টি শক্তি হেৰাই পেলাইছিল। ডেনে এই বিশ্ব অভিলেখ সেইদিনা গঢ়ে যিদিনা ডেনৰ দুৰ্ঘটনা হোৱা সম্পূৰ্ণ ১০টা বছৰত ভৰি দিয়ে। ২০২২ বৰ্ষৰ ৩১ মাৰ্চ তাৰিখে ডেনে এই অভিলেখ গঢ়ি সকলোকে আচৰিত কৰি তোলে। ছচিয়েল মিডিয়াত তেওঁৰ এই বিষয়টো ভাইৰেল হৈ পৰিছে।

Watch: Blind driver breaks speed record in New Mexico - UPI.com

ডেনে নেচনেল ফেডাৰ্চন অফ দ্য ব্লাইণ্ড ড্ৰাইভ চেলেঞ্জৰ অধীনত এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই প্ৰতিযোগীতাৰ উদ্দেশ্য এটাই দৃষ্টিহীন লোকসকলক অনুপ্ৰেৰণা যোগোৱা। কাৰণ সেইসকল লোকে নিজৰ বাধাৰ প্ৰাচীৰ নেওচি নিজৰ সপোনবোৰ সাৰ্থক কৰিব পাৰে।

Blind man drives car at 339 kmph to break Guinness World Record | World News

ডেনে এই বিশ্ব ৰেকৰ্ড গঢ়িবলৈ তেওঁ নিজৰ উপযোগীকৈ এখন বিশেষ গাড়ী তৈয়াৰ কৰি লৈছিল। এই ৰেকৰ্ড গঢ়াৰ স্পেচস্পোৰ্টটো আমেৰিকাৰ ৰানৱেত নিৰ্মাণ কৰা হৈছিল। ডেনৰ ব্যৱহাৰ কৰা গাড়ীত বিশেষ প্ৰকাৰৰ অডিঅ’ নিৰ্দেশনা প্ৰণালীৰ যন্ত্ৰ স্থাপন কৰা হৈছিল। ইয়াৰ উপৰিও গাড়ী খনত GPS, কেমেৰা আৰু অত্যাধুনিক প্ৰযুক্তিৰ LIDAR ৰ ব্যৱহাৰ কৰিছে। যাৰ জড়িয়তে ৰাস্তাত অহা সকলো সমস্যাৰ উমান লাভ কৰিছিল। ডেনে বিশেষ ধৰণৰ সুৰক্ষা থকা গাড়ীৰে এই অভিলেখ গঢ়িবলৈ সক্ষম হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...