ঈশ্বৰে সৃষ্টি কৰা মানুহৰ ভিতৰত মই আটাইতকৈ সৎ

‘ঈশ্বৰে সৃষ্টি কৰা সকলো মানুহৰ ভিতৰত ডোনাল্ড ট্ৰাম্পে আটাইতকৈ সৎ মানুহ’ এই কথা দাবী কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। নিজৰ বিৰুদ্ধে চলি থকা একাধিক কৰ ফাকিৰ কেলেংকাৰী আৰু ২০২০ চনৰ নিৰ্বাচনৰ ফলাফল উলটপালট কৰাৰ চেষ্টাৰ গোচৰত তদন্ত চলি থকাৰ মাজতে নিজকে নিৰ্দোষী সজাবলৈ গৈ ট্ৰাম্পে নৰ্থ কেৰলিনাৰ ছেলমাত এক সমাবেশত এই মন্তব্য কৰে। “তুমি পৃথিবীৰ আটাইতকৈ নিকা মানুহ” বুলি ট্ৰাম্পে নিজৰ এজন বন্ধুৰ উদ্ধৃতি দিয়ে আৰু জনায় যে বছৰৰ পিছত বছৰ লাখ লাখ নথি-পত্ৰৰ পৰীক্ষাৰ পিছতো তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ লাভ কৰা নাই। তেওঁৰ গাত কোনো চেকা নাই বুলি দাবী কৰি ট্ৰাম্পে কয় যে, মই ভাবোঁ, সম্ভৱতঃ ভগৱানে সৃষ্টি কৰা আটাইতকৈ সৎ মানুহজন মই।” উল্লেখ্য যে এগৰাকী চৰকাৰী অধিবক্তাই ট্ৰাম্পে নিজৰ ব্যৱসায়িক নথি-পত্ৰ তদন্তৰ বাবে জমা নিদিয়াৰ অভিযোগত দোষী সাব্যস্ত কৰিব লাগে বুলি আদালতক আনুৰোধ জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...