পিয়ানো কিডছৰ অষ্টম বর্ষপূর্তি উদযাপন

ৰাজ্যৰ আগশাৰীৰ সংগীত প্রতিষ্ঠান ‘পিয়ানো কিডছ’ৰ শতাধিক প্রতিভাৱান ছাত্র-ছাত্রীয়ে ৭ এপ্রিল তাৰিখে পিয়ানো বাদনৰ এক বর্ণাঢ্য অনুষ্ঠানেৰে প্ৰতিষ্ঠানটোৰ ৮ম বর্ষপুর্তি গুৱাহাটীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত উদযাপন কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ এই সংগীতানুষ্ঠান তথা পাৰদর্শিতাই সংগীত অনুৰাগীসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে।

প্রখ্যাত পিয়ানো বাদক কুশল কৃষ্ণ দেৱ গোস্বামীৰ পৰিকল্পনা আৰু পৰিচালনাৰে অনুষ্ঠিত সংগীতানুষ্ঠানটিৰ শিৰোনাম আছিল ‘নাইট অব দ্য লিটিল পিয়ানিষ্ট। অনুষ্ঠানটি আৰম্ভ হৈছিল কুশল কৃষ্ণ দেৱ গোস্বামী দ্বাৰা স্বৰলিপি ৰূপান্তৰিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘মুক্তিত নিস্পৃহ যিটো’ বৰগীতটোৰ সুৰেৰে। পল্লৱী দাসৰ নেতৃত্বত প্রতিষ্ঠানটোৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ঝংকাৰিত হোৱা সুৰটোৱে সন্ধিয়াটো মোহনীয় কৰি তুলিছিল। কার্যকৰী সভাপতি ড° দেৱব্ৰত খনিকৰ আৰু সভাপতি ড° বিপু কুমাৰ গগৈৰ আদৰণি ভাষণৰ পিছতে অনুষ্ঠিত হোৱা বন্তি প্ৰজ্বলন অনুষ্ঠানত বিশিষ্ট গায়ক,সুৰকাৰ স্বৰ্গীয় চাৰু গোঁহাই আৰু কুশল কৃষ্ণ দেৱগোস্বামীৰ প্ৰেৰণাৰ উৎস তেখেতৰ স্বৰ্গীয়া মাতৃ মামণি মহন্তৰ প্রতি শ্রদ্ধা নিবেদন কৰা হয়। বস্তি প্রজ্বলন অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ক্ৰমে চাৰু গোঁহাইৰ পত্নী শেৱালী গোঁহাই আৰু স্বৰ্গীয়া মামণি মহন্তৰ বোৱাৰী মনালিছা গোস্বামীয়ে। ইয়াৰ পিছতেই বিশিষ্ট কণ্ঠশিল্পী জে পি দাসে দুটি গীতেৰে তেখেতৰ বন্ধু প্রয়াত চাৰু গোঁহাইৰ প্ৰতি শ্রদ্ধা নিবেদন কৰে। ইয়াৰ পিছতে আৰম্ভ হয় মূল কাৰ্যসূচী।

অনুষ্ঠানত পিয়ানো কিডছৰ পাৰদৰ্শি ছাত্ৰ-ছাত্ৰীসকলে পিয়ানোৰ স্বৰেৰে প্রেক্ষাগৃহ গুঞ্জৰিত কৰি তোলে। তেওঁলোকৰ পিয়ানোত বাজি উঠিছিল ‘লুডৱিগ ভান বিথোভেনৰ ‘অড টু জয়’, বিষ্ণু প্ৰসাদ ৰাভাৰ চিৰসেউজ ‘বিলতে হালিছে ধুনীয়া পদুমি’, জে পি দাসৰ জনপ্রিয় গীত ‘পৰিচয় বিহীন’, জুবিন গাৰ্গৰ ‘মায়াবিনী’, পৰম্পৰাগত বিয়া নাম, দ্বিপেন বৰুৱাৰ চিৰসেউজ গীত ‘কোনে আজি আবেলি’, জয়ন্ত হাজৰিকাৰ তোমাৰ মৰমে মোৰ, ডঃ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘হে দোলা হে দোলা….. বৰ বৰ মানুহৰ দোলা’, এটা বিহু সুৰ, জনপ্রিয় খ্ৰীষ্টমাছ গীত ‘জিংগল বেলছ, নতুন শিক্ষার্থীসকলৰ বাবে ‘পাজল চিৰিজ’, শেষত ‘অ মোৰ আপোনাৰ দেশৰে অনুষ্ঠানটি সামৰণি মৰা হয়। ব্যতিক্রমীভাৱে শিক্ষার্থীসকলে নিজেই এই অনুষ্ঠানৰ আঁতধৰি দৰ্শকক আপ্লুত কৰিছিল।

এই সমগ্র অনুষ্ঠানটি পরিচালনা কৰোতে ইমান বিপুল সংখ্যক ছাত্র-ছাত্রীক সু-শৃংখলভাৱে আগবঢ়াই লৈ যোৱাটো কুশল কৃষ্ণ দেৱ গোস্বামীৰ বাবে আছিল এটা বৃহৎ প্রত্যাহ্বান। যাক শিল্পীগৰাকীয়ে সুকলমে সম্পন্ন কৰাটো প্ৰতিভাত হৈছিল দৰ্শকসকলৰ সন্তুষ্টিপূৰ্ণ মুখত। গোস্বামীক আয়োজক সমিটিয়ে সম্বর্ধনা জনোৱাৰ লগতে মুখ্য অতিথিসকল ক্রমে প্রখ্যাত সংগীত পৰিচালক তথা কণ্ঠশিল্পী জে পি দাস, বিশিষ্ট কণ্ঠশিল্পী দ্বিপেন বৰুৱা, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শব্দযন্ত্রী যতীন শর্মাকো সম্বর্ধনা জনায়।

অসমবাসীৰ বাবে গৌৰৱৰ বিষয় যে গুৱাহাটীৰ ‘পিয়ানো কিডছ’ৰ প্ৰতিষ্ঠাপক গুৰু কুশল কৃষ্ণ দেৱ গোস্বামীয়ে ইতিমধ্যে অসমৰ বিয়া নাম, আই নাম, জ্যোতি সংগীত, বনগীত, বিষ্ণু ৰাভা সংগীত, ভুপেন্দ্ৰ সংগীত আদি থলুৱা প্রায় আঢ়ৈ শতাধিক গীতৰ পশ্চিমীয়া সুৰ চানেকী বা ষ্টাফ ন’টেশ্বনৰ কাম সম্পূৰ্ণ কৰিছে। যাৰ ফলত বিশ্বৰ যিকোনো চুকত থাকিও এইসমূহ অসমীয়া থলুৱা গীত যিকোনো দেশৰ শিল্পীয়ে পৰিৱেশন কৰাৰ প্ৰক্ৰিয়া সহজ হৈ উঠিছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...