শ্বেহবাজ শ্বৰীফ চৰকাৰৰ হাতত নিৰাপদে থাকিবনে পাক পৰমাণু অস্ত্ৰ ভাণ্ডাৰ?

 অচিন্ত্য শৰ্মা

পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীৰূপে শ্বেহৱাজ শ্বৰিফে শপত লোৱাৰ লগে লগে কাৰ্যত:দেশখনত চলি থকা মাহজোৰা ৰাজনৈতিক অস্থিৰতাৰো অন্ত পৰিল। কোনোধৰণৰ ৰক্তপাত বা সামৰিক অভ্যুত্থান অবিহনেই এনেধৰণে ক্ষমতাৰ হস্তান্তৰ হোৱা ঘটনাই নিশ্চিতভাৱে বহুতকে সকাহ দিছে। পিছে ইয়াৰ লগে লগে সৃষ্টি হৈছে একধৰণৰ গুৰুতৰ উদ্বিগ্নতাৰো। প্ৰশ্ন উঠিছে- শ্বেহৱাজ শ্বৰিফ চৰকাৰৰ হাতত নিৰাপদে থাকিবনে পাক্ পৰমাণু অস্ত্ৰভাণ্ডাৰ? এনে উদ্বিগ্নতা অমূলক নহয়। পৰ্যবেক্ষক মহলৰ মতে শ্বেহৱাজ শ্বৰিফে এনে এখন পাকিস্তানৰ নেতৃত্ব লৈছে,যিখন পাকিস্তান আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত নি:সংগ আৰু অৰ্থনৈতিকভাৱে বিধ্বস্ত এখন লজ্জিত তথা হতাশাগ্ৰস্থ দেশ। এই দেশখনৰ ভাগি পৰা অৰ্থনীতি পুনৰুজ্জীৱিত কৰি তোলা আৰু বিশ্বত কাৰোবাৰ সৈতে মিত্ৰতা গঢ়ি তোলাটোৱেই হ’ব নতুন প্ৰধানমন্ত্ৰী তথা নতুন চৰকাৰখনৰ সন্মুখত প্ৰথম প্ৰত্যাহ্বান। আৰু এই দুই প্ৰত্য়াহ্বান অতিক্ৰম কৰাৰ সহজ পথ হৈছে -পাৰমাণৱিক অস্ত্ৰৰ কলা বেহা। ইতিমধ্য়ে এইটো কথা প্ৰতীয়মান হৈছে যে, আজিৰ বিশ্বৰ কোনো সভ্য, গণতান্ত্ৰিক ৰাষ্ট্ৰ পাকিস্তানেৰে বন্ধুত্ব গঢ়াৰ আগ্ৰহী নহয়।

আনকি পাকিস্তানে অল ৱেদা ফ্ৰেণ্ড বুলি দাবী কৰা চীনেও পাকিস্তানক বিচাৰে নিজৰ উপনিৱেশ বা দাস ৰাষ্ট্ৰ হিচাপে,বন্ধুৰাষ্ট্ৰ হিচাপে নহয়। সেয়ে বেইজিং মহলে এতিয়ালৈকে পাকিস্তানক কোনো আৰ্থিক অনুদান দিয়া নাই,দিছে উচ্চ সুতৰ ঋণহে। আজিৰ বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহকো পাকিস্তানৰ প্ৰতি নাই কোনো সদ্ভাৱ। সেয়ে বিনাশ কালত বিপৰীত বুদ্ধি হোৱাৰ নিচিনাকৈ নতুন প্ৰধানমন্ত্ৰী শ্বেহৱাজ শ্বৰিফে ধন আৰু বন্ধুত্বৰ বিনিময়ত ইছলামিক সন্ত্ৰাসবাদী সংগঠনসমূহলৈ আগবঢ়াব পাৰে বিধ্বংসী পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ। অন্তত:শেহতীয়াভাৱে এনে আশংকাই সৃষ্টি হৈছে বিশ্ব সমুদায়ৰ মনত। লক্ষ্য়ণীয়ভাবে পৃথিৱীৰ দুই প্ৰধান ইছলামিক সন্ত্ৰাসবাদী সংগঠন, আইছিছ আৰু তালিবানে বিগত দীৰ্ঘসময় ধৰি বিচাৰি আছে গণবিধ্বংসী পাৰমাণৱিক অস্ত্ৰ।

ইয়াৰ বাবে যিকোনো মূল্য দিবলৈকে সাজু হৈ আছে সংগঠন দুটা। এনে প্ৰেক্ষাপটত এই দুই সন্ত্ৰাসবাদী সংগঠনৰ লগতে শ্বেহৱাজ শ্বৰিফ চৰকাৰখনে অস্ত্ৰৰ ক’লা বেহাত লিপ্ত হ’ব পাৰে বুলি সাৱধানবাণী উচ্চাৰণ কৰিছে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰক্ষা বিশেষজ্ঞসকলে। পাকিস্তানৰ হাতত থকা পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ সুৰক্ষাকলৈ বিগত দুটা দশকৰো অধিক কাল ধৰি দুঃচিন্তা প্ৰকাশ কৰি আহিছিল। পাকিস্তানৰ অস্ত্ৰভাণ্ডাৰ কোনো ইছলামিক সন্ত্ৰাসবাদী সংগঠনে চুৰি কৰা বা ডকাইতি কৰাৰ দুঃচিন্তা। কিন্তু এইবাৰ দুঃশ্চিন্তা বা উদ্বিগ্নতাৰ সৃষ্টি হৈছে খোদ পাকিস্তান চৰকাৰে ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ ওচৰত পাৰমাণৱিক অস্ত্ৰ বিক্ৰী কৰাৰ দুৰ্ভাৱনাৰ পৰা। আৰু সঁচাকৈয়ে যদি এই দুৰ্ভাৱনাই বাস্তৱ ৰূপ পাই, তেনেহ’লে নিশ্চিতভাৱে সৃষ্টি হ’ব সভ্যতাৰ সংকটৰ, যি সংকটলৈ অকণমানো চিন্তিত নহয় পাকিস্তান। কাৰণ আজিৰ দিনত পাকিস্তানৰ হেৰুৱাবলৈ একো নাই। ইফালে পৰিস্থিতি বিশেষভাৱে দুঃশ্চিন্তাজনক বা উদ্বেগজনক হৈ উঠিছে ভাৰতৰ বাবে। কিয়নো পৃথিৱীৰ যিকোনো ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ হাতত পৰমাণু অস্ত্ৰ আহি পৰিলেই সন্দেহাতীতভাৱে সেই অস্ত্ৰ কাশ্মিৰী সন্ত্ৰাসবাদীলৈ হস্তান্তৰ হ’ব। আৰু তেনে ক্ষেত্ৰত পৰিস্থিতি গুচি যাব নতুন দিল্লীৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ। সেয়ে এতিয়া গুৰুত্বপূৰ্ণ হ’ব,সন্ত্ৰাসবাদীৰ হাতত পৰাৰ পূৰ্বেই পাকিস্তানৰ পৰমাণু অস্ত্ৰসমূহ ধ্বংস কৰি পেলাবলৈ ভাৰত আৰু অন্য় দেশসমূহে কি ব্য়ৱস্থা গ্ৰহণ কৰিব সেইটোহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...